Home ads1

শীতৰ সময়ত সাধাৰণতে শিশু আৰু বয়স্ক লোকৰ শ্বাস - প্রশ্বাসৰ সমস্যাই গা কৰি উঠে । বিশেষকৈ যিসকল লোকৰ হাপানী ৰোগ আছে , তেওঁলোকৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰা দেখা যায় । দিনৰ ভাগত যেনে - তেনে চলি যায় যদিও নিশা শোৱাৰ সময়ত উশাহ - নিশাহত কষ্ট অনুভৱ হয় । আনকি কিছুমানে দোভাগ নিশা বিছনাত বহি অস্বস্তিৰে সময় অতিবাহিত কৰিবলগীয়া হয় । 



এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে যিকোনো বয়সৰ লোকেই এই ৰোগত আক্রান্ত হ’ব পাৰে যদিও সাধাৰণতে শীতৰ সময়ত সতর্কতা অৱলম্বন নকৰিলে এনে ৰোগীয়ে কেতিয়াবা আনকি চিকিৎসালয়ত ভর্তি হবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয় । হাপানী ৰোগ সন্দৰ্ভত মানুহৰ মনত আজিও ভ্রান্ত ধাৰণা থকাত এনে ৰোগীৰ স’তে প্রায়ভাগেই মিলামিচা কৰিব নোখোজে । আনকি বিবাহ আদিৰ ক্ষেত্ৰতো সমস্যাই জটিল ৰূপ ধাৰণ কৰা দেখা যায় । সকলোৱে মনত ৰখা উচিত হাপানী ৰোগৰ পৰা সহজেই উপশম লাভ কৰিব পাৰি যদিহে চিকিৎসকে আগবঢ়োৱা পৰামৰ্শ আখৰে আখৰে পালন কৰে । বহুতো ৰোগীয়ে এবাৰ ঔষধ সেৱন কৰিয়ে পৰৱৰ্তী সময়ত চিকিৎসকৰ পৰামর্শ নলয় । সকলোৱে মনত ৰখা উচিত এই ৰোগৰ পৰা সম্পূৰ্ণৰূপে উপশম লাভ কৰিব নোৱাৰি এই ৰোগ নিয়ন্ত্ৰণতহে ৰাখিব পাৰি যদি উপযুক্তভাৱে চিকিৎসা গ্রহণ কৰে ।

আপোনাৰ অৱহেলাই কেতিয়াবা নিজৰ লগতে পৰিয়াললৈ বিপদ কঢ়িয়াই আনিব পাৰে । নিশা প্ৰায়ভাগ লোকেই কষ্ট অনুভৱ কৰে । ইয়াৰ মূলতে হ’ল নিশা ঘৰৰ দুৱাৰ - খিৰিকী বন্ধ ৰখা হয় । ফলত ঘৰটোৰ ভিতৰৰ দূষিত বায়ু ওলাই যাব নোৱাৰে । বহুতে আকৌ ঠাণ্ডাৰ দিনত ভেন্টিলেটৰো বন্ধ ৰাখে । শোৱা ঘৰৰ ভেন্টিলেট কেতিয়াও মাৰি ৰাখিব নালাগে ।

ৰোগৰ লক্ষণ 

হাপানীত আক্রান্ত হোৱাৰ বিষয়ে নিশ্চিত হ’ব পাৰি কিছুমান বিশেষ লক্ষণৰ ওপৰত ভিত্তি কৰি । এই লক্ষণসমূহৰ ভিতৰত অন্যতম হল— হাপানীত আক্রান্তজনে দিনটোৰ প্ৰায়ভাগ সময়তে শ্বাসকষ্টত ভোগে । দিনটোৰ যিকোনো সময়তে এনে সমস্যাই গা কৰি উঠিব পাৰে । ঠাণ্ডা অথবা ধূলিময় পৰিবেশত এনে ৰোগে সহজে গা কৰি উঠে । । ঋতু পৰিবৰ্তনৰ সময়ত এই ৰোগে বেছিকৈ গা কৰি উঠা দেখা যায় । | শ্বাসকষ্টৰ লগে লগে বুকুতো চাপৰ সৃষ্টি হয় । এই চাপৰ ফলত বুকুৰ ভিতৰত অস্বাভাৱিক শব্দ হ'বলৈ ধৰে । | বুকুৰ ভিতৰত সৃষ্টি হোৱা শব্দ ‘ মিউজিকেল ছাউণ্ড ’ বুলিও কয় । এনে ৰোগীৰ সঘনাই কাহ উঠে । কাহ হ'লে অস্বাভাৱিক অনুভৱ হয় । কিছু সময় কাহি থকাৰ পিচতে সামান্য পৰিমাণৰ শ্লেষ্ম অথবা ডাঠ ঈষৎ হালধীয়া বৰণৰ খেকাৰ ওলায় ।

। বেগাই খোজ কাঢ়িলে বা দৌৰিলে আক্রান্তজনৰ ভাগৰ লাগে বা অস্বস্তি অনুভৱ হয় । । প্ৰাৰম্ভিক পর্যায়ত কাহ আৰু শ্বাসকষ্টৰ সমস্যা সপ্তাহত দুই - তিনিবাৰতকৈ বেছি নহয় । নিশা শোৱাৰ সময়ত কাহৰ সমান্তৰালভাৱে শ্বাসকষ্টত ভুগিব লাগে ।  দ্বিতীয় পর্যায়ত এইবিধ ৰোগৰ তীব্রতা কম হোৱা সত্ত্বেও সপ্তাহত ছবাৰলৈকে কাহ আৰু শ্বাসকষ্ট হ’ব পাৰে । নিশাৰ ভাগত কাহ আৰু শ্বাসকষ্ট মাহত চাৰিবাৰমান । হ'ব পাৰে । । তৃতীয় পর্যায়ত উপনীত হলে আক্রান্তজনৰ শ্বাসকষ্ট আৰু কাহ সদায় হয় । নিশা শ্বাস সমস্যা আৰু কাহ মাহত পাঁচবাৰলৈ হ'ব পাৰে । । চতুর্থ পর্যায়ত উপনীত হলে ৰোগীৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰিবলৈ লয় । এনে পর্যায়ত আক্রান্তজনৰ কাহ আৰু শ্বাসকষ্ট প্রতিটো ক্ষণতে হ'ব পাৰে । তদুপৰি দৈনন্দিন কার্য সম্পাদন কৰোতে আক্রান্ত লোকজন । সমস্যাই গা কৰি উঠে । নিশাৰ ভাগলৈ কাহ বেছি হয়  শ্বাস - প্রশ্বাসৰ সমস্যাৰ উপৰি অসুস্থ অনুভৱ কৰিবলৈ ধৰে ।

উশাহ লোৱাত কষ্ট হৈছে নেকি আপুনি দৈনন্দিন কার্য সম্পাদনৰ সময় ত কেতিয়াবা শ্বাস - প্রশ্বাসৰ কষ্ট অনুভৱ কৰিছে নেকি ? যদি কৰিছে , তেতিয়াহ'লে পলম নকৰি চিকিৎসক পৰামর্শ গ্রহণ কৰক । কাৰণ । আপোনাৰ অৱহে লাই কেতিয়াবা নিজৰ লগতে পৰিয়াললৈ বিপদ কঢ়িয়াই আনিব পাৰে । নিশা প্ৰায়ভাগ লোকেই কষ্ট অনুভৱ কৰে । ইয়াৰ মূলতে হলে নিশা ঘৰৰ দুৱাৰ | খিৰিকী বন্ধ ৰখা হয় । ফলত ঘৰটোৰ ভিতৰৰ দূষিত বায়ু ওলাই যাব নোৱাৰে । বহুতে আকৌ ঠাণ্ডাৰ দিনত ভেন্টিলেটৰো বন্ধ ৰাখে । শোৱা ঘৰৰ ভেন্টিলেট কেতিয়াও মাৰি ৰাখিব নালাগে ।

প্রতিবোধ কৰিব কেনেকৈ ? হাপানী ৰোগ প্ৰতিৰোধ কৰাটো সম্ভৱ যদিহে দৈনন্দিন জীৱন - যাপনত সতর্কতা অৱলম্বন কৰা হয় । আধুনিক জীৱন যাত্ৰাৰ সমান্তৰালভাৱে পৰিবেশ প্ৰদূষণে এনে ৰোগ বৃদ্ধিত সহায়ক হৈ পৰিছে । চৌদিশে চলি থকা নির্মাণ , কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱা আদিৰ বাবে এনে ৰোগ সৃষ্টিৰ এখন উপযুক্ত ক্ষেত্ৰ গঢ়ি উঠিছে । এনেধৰণৰ ৰোগ প্রতিৰোধ কৰিবলৈ যিবোৰ বিষয়ত গুৰুত্ব প্রদান কৰিব লাগিব , সেইবোৰৰ ভিতৰত অন্যতম হল । যিবোৰ উৎসৰ পৰা হাপানী ৰোগ বৃদ্ধি হয় , সেইবোৰৰ পৰা আঁতৰি থকাটোৱে মংগলজনক । 

এজন লোকৰ যি পোহনীয়া জন্তুৰ নোম আদিৰ পৰা এলার্জি সৃষ্টি হয় । গতিকে পোহনীয়া জন্তু বিশেষকৈ কুকুৰ , মেকুৰী আদিৰ নোমৰ পৰা এনেধৰণৰ সমস্যাই গা কৰি উঠে । এনেধৰণৰ জন্তু থকা ঘৰ বা ড্রয়িং ৰুমত সোমাব দিব নালাগে । | শীতৰ প্রকোপ বৃদ্ধিৰ লগে লগে শ্বাস - প্রশ্বাসৰ সমস্যাই গা কৰি উঠে । সেইবাবে শীতৰ পৰা পৰিত্ৰাণ পাবলৈ হলে গৰম কাপোৰ আদি ভালদৰে পৰিধান কৰা উচিত । ৷ ৰোগাক্রান্ত লোকে দিনটোৰ ভিতৰত কেতিয়াও অতিৰিক্ত সময় কষ্ট কৰিব নালাগে । এনে ৰোগীয়ে সদায় তেওঁৰ বাবে উপযুক্ত পৰিবেশতহে কাম ক্ৰত গুৰুত্ব আৰোপ কৰা উচিত । । প্রাতঃভ্রমণ অথবা সান্ধ্য ভ্রমণলৈ ওলাওঁতে সতর্কতা অৱলম্বন কৰিব লাগে । । মটৰ চাইকেল আদি চলালে হেলমেট পিন্ধিব লাগে ।

Post a Comment

Previous Post Next Post