Home ads1

বিজেপিক উৎখাত কৰিবলৈ কংগ্ৰেছে মহাজোট গঠনৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ সময়তে ২০২১ ৰ বিধানসভা নির্বাচনৰ বাবে বিশেষ ৰণনীতি প্রস্তুত কৰিছে বিজেপিয়ে । 


কংগ্ৰেছে এ আই ইউ ডি এফক সামৰি গঠন কৰা মহাজোঁটক প্রতিহত কৰাৰ উদ্দেশ্যে দলৰ সামাজিক মাধ্যম কোষক অধিক সক্রিয় কৰি তুলিবলৈ সিদ্ধান্ত লৈছে গেৰুৱা দলটোৱে । ইয়াৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছেসামাজিক মাধ্যম কোষৰ সৈতে জড়িত হৈ থকা বিজেপিৰ তিনি লাখ কার্যকর্তাক ।

দলীয় নীতি - আদর্শ আৰু চৰকাৰৰ উন্নয়নমূলক কাম - কাজৰ বিষয়ে প্রচাৰ কৰাৰ সমান্তৰালকৈ কংগ্ৰেছ , এ আই ইউ ডি এফ তথা বিৰোধী শক্তিৰ বিৰুদ্ধে অধিক আক্রমণাত্মক হ’বলৈ উক্ত কার্যকর্তাসকলক নির্দেশ দিয়া হৈছে নেতৃত্বৰ ফালৰ পৰা । সামাজিক মাধ্যম তথা ছ'চিয়েল মিডিয়াযোগে চলিবলগীয়া এনে প্ৰচাৰ অভিযানক নতুন গতি প্রদান কৰাৰ উদ্দেশ্যে গেৰুৱা দলটোৱে চলিত মাহতে খুলিব ৩৭ হেজাৰ হোৱাটছএপ গ্রুপ । দলৰ ৰাজ্যিক কমিটী পর্যায়ৰ পৰা আৰম্ভ কৰি জিলা কমিটী , মণ্ডল কমিটী আৰু বুথ কমিটী পর্যায়লৈ গঠন হ’ব হোৱাটছএপ গ্রুপসমূহ । কি কি বিষয় কিদৰে সামাজিক মাধ্যমত উপস্থাপন কৰিব লাগিব , কি ৰণনীতিৰে অগ্ৰসৰ হ’ব লাগিব , বিৰোধী শিবিৰক আক্ৰমণৰ কৌশল কি হ’ব আদি বিষয় কার্যকর্তাসকলে আদান প্রদান কৰিব হোৱাটছএপ গ্রুপযোগে । 

এনেবোৰ বিষয় আলোচনা কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ভাৰতীয় জনতা যুৱ মৰ্চাই অলপতে অনুষ্ঠিত কৰে সামাজিক মাধ্যমৰ কৰ্মশালা । এই কর্মশালাত অংশগ্রহণ কৰি সোণৱালে তথ্য - প্রযুক্তিৰ মাধ্যমেৰে চৰকাৰী আঁচনিসমূহৰ সুফল জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ সকলো কার্যকর্তাকে আহ্বান । জনায় । তেওঁ কয়— ‘ একবিংশ শতিকা হৈছে  বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগ । সেয়েহে যোগাযোগৰ এই ক্ষিপ্র যুগত আমি দৃঢ়তাৰে আত্মপ্রকাশ কৰিব লাগিব । প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে বিগত ছয় বছৰে যিমানবোৰ জনকল্যাণকামী আঁচনি গ্রহণ কৰিছে , তাৰ সুফলবোৰ জনসাধাৰণক জনোৱাৰ দায়িত্ব সামাজিক মাধ্যমৰ কর্মকর্তাসকলে দায়বদ্ধতাৰে গ্ৰহণ কৰিব লাগিব । 

গণতন্ত্রক শক্তিশালী কৰাৰ বাবে প্রধানমন্ত্রী মোডী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰখনে যি আধুনিক ধ্যান - ধাৰণাৰ জন্ম দিলে , সেই কথাবোৰ সামাজিক মাধ্যমৰ জৰিয়তে শক্তিশালীভাৱে জনসাধাৰণক অৱগত কৰিব লাগিব । প্রধানমন্ত্রীয়ে গ্রহণ কৰা ডিজিটেল ইণ্ডিয়া , ষ্টার্ট আপ ইণ্ডিয়া , মেক ইন ইণ্ডিয়া , স্কীল ইণ্ডিয়াৰ দৰে কার্যসূচীসমূহে আজি ভাৰতবৰ্ষক শক্তিশালী স্থিতিত উপনীত কৰাইছে । এই কথাবোৰ ছ'চিয়েল মিডিয়া কর্মকর্তাসকলে মূল্যাংকন কৰি জনসাধাৰণক সঠিকভাৱে অৱগত কৰাব লাগিব । পূৰ্বতে বিত্তীয় ব্যৱস্থাৰ দ্বাৰা সাধাৰণ জনতা সংযুক্ত হোৱাৰ সুযোগ পোৱা নাছিল । কিন্তু প্রধানমন্ত্রীৰ জনধন যোজনাৰ জৰিয়তে কৃষক , অসংগঠিত শ্রমিক , দিনহাজিৰা কৰা ব্যক্তিকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ লোকে বিত্তীয় ব্যৱস্থাৰ দ্বাৰা অন্তর্ভুক্ত হৈছে । এয়া দেশৰ বাবে এক বৃহৎ সাফল্য । এই বিষয়টো ভাৰতৰ প্ৰতিটো পৰিয়ালত আলোচনা হোৱা উচিত । এই খন ছবি সামাজিক মাধ্যমৰ কর্মকর্তাসকলে জনসাধাৰণক প্রদর্শন কৰিব লাগিব । 

সামাজিক মাধ্যমৰ কর্মকর্তাসকলে নিষ্ঠাৰে কাম কৰাৰ বাবে পূর্বৰ বহুকেইটা নির্বাচনত বিজেপিয়ে সফলতা লাভ কৰিছে । বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে আগত সময়তো প্রযুক্তিৰ প্ৰয়োগেৰে চৰকাৰৰ সফলতাসমূহ । উচিত ৰূপত আলোক পাত কৰিবলৈ কর্মকর্তাসকলক আহ্বান জনায় । তেওঁ কয়— ‘ জনসাধাৰণে অশুভ বার্তা বেয়া পায় । শুভ বার্তাক জনসাধাৰণে আদৰি লয় । চৰকাৰখনৰ ইতিবাচক বার্তাসমূহ প্রচাৰৰ ব্যৱস্থা কৰিব লাগে । বৰ্তমানৰ ৰাজ্য চৰকাৰখনে দুর্নীতিমুক্ত অসম , সন্ত্রাসবাদমুক্ত অসম , প্রদূষণমুক্ত অসম , বিদেশীমুক্ত অসম আৰু বিকশিত অসম গঢ়াৰ দিশত যি সফলতা লাভ কৰিছে , এই সফলতাসমূহৰ তথ্যভিত্তিক প্রচাৰৰ ব্যৱস্থা কৰিব লাগে । 

বিগত চাৰে চাৰি বছৰে অসমে উন্নতিৰ জখলাত বগাবলৈ সক্ষম হৈছে । এই সফলতাৰ ছবিখন জনসাধাৰণৰ সন্মুখত প্রকৃত ৰূপত উত্থাপন কৰাৰ দায়িত্ব সামাজিক মাধ্যমৰ কর্মকর্তাসকলে ল’ব লাগিব । ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কয়— ‘ বিজেপিৰ সফলতাৰ বাবে প্ৰতিজন কার্যকর্তাৰ গুৰুত্বপূর্ণ অৰিহণা আছে । যুৱ মৰ্চাৰ প্ৰতিখন জিলাৰ পৰা অহা যুৱক - যুৱতীসকলৰ উদ্যম দেখি ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক স্থিতিৰ উমান পােৱা যায় । অসমৰ প্ৰতিটো জাতি - জনগােষ্ঠী ভাৰতীয় জনতা পার্টিৰ লগত আছে আৰু সেয়েহে আগত নির্বাচনত আমাৰ বিজয় নিশ্চিত ।

Post a Comment

Previous Post Next Post