আজিকালি উচ্চ ৰক্তচাপত আক্রান্ত লোকৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে । কিছু বছৰ আগলৈকে উচ্চ ৰক্তচাপত বয়স্ক লোকসকলহে আক্রান্ত হয় বুলি ভবা হৈছিল। কিন্তু এতিয়া যুবক সকলেউ এই সমস্যাৰ সন্মুখীন হোৱা দেখা যায়।
আধুনিক জীৱন যাপনৰ লগে লগে ৰক্তচাপত আক্রান্ত হোৱাৰ সংজ্ঞাও সলনি হ’ল । প্ৰতিগৰাকী ব্যক্তি যিমানেই কেৰিয়াৰমুখী হৈছে অথবা জীৱনটো উচ্ছংখলভাৱে উপভোগ কৰিবলৈ লৈছে , সিমানেই উচ্চ ৰক্তচাপত আক্ৰান্তৰ গ্ৰাফডালো ঊর্ধ্বমুখী হোৱা বুলি ক'লেও অত্যুক্তি কৰা নহ'ব । সাধাৰণতে প্রাথমিক ( প্রাইমাৰী বা এছেন্সিয়েল হাইপাৰ টেনছন ) উচ্চ ৰক্তচাপত আক্রান্ত হয় ৯০-৯৫ % । ইয়াৰ বিপৰীতে ৫-১০ৰ হয় উপসর্গিক ( ছেকেণ্ডাৰী হাইপাৰ টেনছ ) উচ্চৰক্তচাপ ।
কাৰণসমূহ : ৰক্তচাপ বৃদ্ধিৰ বিভিন্ন কাৰণ আছে ব্যক্তিবিশেষে কাৰণ ভিন্ন হয় , কি কি কাৰণত হ'ব পাৰে । আজিকালি প্ৰায়ভাগ লোকৰে বেছিভাগ সময় টেনছন থাকে ।
১. টেনছন বা মানসিক চাপ সৃষ্টিৰ ফলত কম বয়সতে উচ্চ ৰক্তচাপৰ বলি হয় ।
২. জীৱন উচ্ছংখলভাৱে যাপন কৰিলেও ৰক্তচাপ বৃদ্ধি হয় । যিসকলে প্রয়োজনতকৈ বেছি নিমখ খায় , তেওঁলোকৰ এনেধৰণৰ সমস্যাই গা কৰি উঠাৰ আশংকা থাকে । কাৰণ নিমখত থকা ছ’ডিয়াম ক্ল'ৰাইড , পটাছিয়াম আদি উপাদানে ৰক্তচাপ বৃদ্ধিত সহায় কৰে ।
৩. আধুনিক জীৱন যাপনো হ’ব পাৰে ৰক্তচাপ বৃদ্ধিৰ কাৰণ প্ৰতিগৰাকী ব্যক্তিয়ে সঠিকভাৱে জিৰণি লোৱা , উপযুক্ত খাদ্য গ্রহণ আৰু নিশা সোনকালে বিছনাত উঠা তথা পুৱাই শোৱাপাটী ত্যাগ কৰিলেহে সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰে । আজিকালি বহুতে আধুনিক জীৱন যাপনৰ নিশা পলমকৈ শোৱাপাটীলৈ যায় । তদুপৰি স্বাস্থ্যসন্মত খাদ্য গ্রহণৰ পৰিবৰ্তে ফাষ্টফুড , জাংক ফুড আদি খায় ।
৪. শৰীৰত অতিৰিক্ত চর্বি জমা হলেও এনে হ'ব পাৰে ।
৫. তেজত কলেষ্টৰেলৰ পৰিমাণ বৃদ্ধি পালেও ৰক্তচাপ বৃদ্ধিৰ আশংকা থাকে ।
৬. কিডনী বা বৃক্কৰ সমস্যাৰ বাবেও ৰক্তচাপ বৃদ্ধি হয় ।
৭. কেতিয়াবা কিছুমান ঔষধ দীর্ঘদিন ধৰি ব্যৱহাৰৰ ফলতো এনে হ'ব পাৰে ।
৮. যিসকল লোকে কায়িক শ্রম নকৰে , তেওঁলোকৰ সহজে এনে সমস্যাই গা কৰি উঠাৰ আশংকা থাকে ।
৯. যিসকলৰ পৰিয়ালত উচ্চ ৰক্তচাপত আক্রান্ত হোৱাৰ ইতিহাস থাকে , তেওঁলোকৰ হোৱাৰ আশংকা নুই কৰিব নোৱাৰি ।
১০. কেতিয়াবা কিছুমান মহিলাৰ গৰ্ভাৱস্থাত ৰক্তচাপ বৃদ্ধি পায় ।
উচ্চ ৰক্তচাপ সন্দৰ্ভত থকা ভ্রান্ত ধাৰণা এতিয়াও বহু লোকৰ মনত উচ্চ ৰক্তচাপ সন্দৰ্ভত কিছুমান ভ্রান্ত ধাৰণা আছে । এনে ভ্রান্ত ধাৰণাৰ বাবে সময়ত বিপদত পৰাও দেখা যায় ।
১. কেঁচা নিমখ খালেহে ৰক্তচাপ বৃদ্ধি পায় বুলি বহুতে ভাবে আঞ্জাত নিমখ বেছি হ'লেও ক্ষতি নহয় বুলি ভবা বাবে প্ৰায়ভাগ লোকেই কেঁচা নিমখৰ পৰিবৰ্তে আঞ্জাত বেছি নিমখ খায় । আঞ্জাত মিহলি হলে নিমখ কেঁচাই নাথাকে । পিচে কেঁচা নিমখেই হওক বা আঞ্জাতেই নাখাওক কিয় ইয়াত থকা উপাদান , যেনে— ছ’ডিয়াম , পটাছিয়াম সমানেই থাকে ।
২. তেঁতেলীটেঙা আৰু নেমু খালে ৰক্তচাপ বৃদ্ধি নহয় বুলি ভবা লোকৰ সংখ্যাও কম নহয় । বৰং বেছি পৰিমাণে এনে টেঙাপানী বা চর্বত খালে হিতে বিপৰীতহে হয় ।
৩. ৰক্তচাপ ওপৰৰ পৰিমাণ বেছি থাকিলেও বিশেষ সমস্যাৰ সৃষ্টি নহয় বুলি ভবাটো অমূলক । ৰক্তচাপ ডায়েষ্টেলিক বা ছিষ্টোলিক যিকোনো এটা নির্দিষ্ট মাত্ৰাতকৈ বেছি থাকিলেই বিপদ । অর্থাৎ ১২০ / ৮০ ৰ পৰিমাণতকৈ বেছি হ'লে চিকিৎসকে আগবঢ়োৱা পৰামর্শ গ্রহণ নকৰিলে বিপদ ঘনীভূত হোৱাটো নিশ্চিত ।
আজিও বহুতৰ মনত ভ্রান্ত ধাৰণা আছে যে বয়স বৃদ্ধিৰ লগে লগে ৰক্তচাপ বৃদ্ধি পায় । এয়া স্বাভাৱিক প্রক্রিয়া বুলিহে ভাবে । সেইবাবে চিকিৎসকৰ পৰামর্শ গ্রহণৰ পৰা আঁতৰি থাকে ।
ৰক্তচাপ নিয়ন্ত্রণত থাকিলে ঔষধ বন্ধ কৰিব লাগে বুলি বহুতো লোকেই ভাবে । দীর্ঘদিন ধৰি ৰক্তচাপৰ ঔষধ খালে কিডনী আদি নষ্ট হয় বুলি ভাবে যদিও দৰাচলতে এয়া ভ্রান্ত ধাৰণা । যদি কোনোবাই এবাৰ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ঔষধ খায় , তেন্তে চিকিৎসকৰ পৰামর্শ অবিহনে কেতিয়াও এৰিব নালাগে । কাৰণ ঔষধ খাবলৈ বাদ দিয়া মানে জটিল সমস্যাৰহে সৃষ্টি কৰাটো সূচায় ।
৪. ৰক্তচাপ হলে গাখীৰ , কণী আদি খাব নালাগে । এইবোৰ একেবাৰে খাবলৈ বাদ দিয়াৰ পৰিবৰ্তে নিয়ন্ত্রিত পৰিমাণে খোৱা উচিত ।
৫. ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ঔষধ খালে হৃদৰোগ হয় বুলি বহুতে ভাবে । দৰাচলতে ইয়াৰ ঔষধ সেৱন কৰিলে হৃদৰোগ আদিৰ পৰা উপশমহে হয় ।
৬. কোনো এগৰাকী পৰিচিত ব্যক্তিয়ে যিবিধ ঔষধ সেৱন কৰি ৰক্তচাপ নিয়ন্ত্রণ কৰিছে , সেই বিষয়ে জানি লৈ কিছুমানে চিকিৎসকৰ পৰামর্শ অবিহনেই এনে ঔষধ ব্যৱহাৰ কৰাৰ ফলত হিতে বিপৰীত হোৱা দেখা যায় ।
নিয়ন্ত্ৰণৰ উপায়সমূহ
১. শৃংখলিত জীৱন যাপন কৰাৰ ওপৰত গুৰুত্ব দিব লাগে ।
২. সঠিকভাৱে আহাৰ গ্রহণ , নির্দিষ্ট সময়ত জিৰণি লোৱাৰ উপৰি জীৱনটো ইতিবাচক দৃষ্টিভংগীৰে বিশ্লেষণ কৰক ।খাদ্যত নিমখৰ পৰিমাণ কম হোৱা উচিত, কেঁচা নিমখেই হওক বা আঞ্জাত খোৱা নিমখেই নহওক কিয় যিমান পাৰি সিমান কম নিমখ খোৱাটোৱে মংগলজনক ।
৩. চালাদ আদি খাওঁতে সাৱধান হওক , যাতে অতিৰিক্ত নিমখ গ্ৰহণ কৰা নাযায় ।
৪. নিয়মীয়াকৈ খোজ কঢ়াৰ অভ্যাস গঢ়িব লাগে, কাৰণ সদায় নির্দিষ্ট দূৰত্ব খোজ কাঢ়িলে ৰক্ত সঞ্চালন আদি সঠিক হয় । ৰক্ত সঞ্চালন স্বাভাৱিকভাৱে হৈ থকা মানে শৰীৰৰ বিভিন্ন অংগ প্রত্যংগই নিজ নিজ কার্য সম্পাদন কৰিব পাৰে । সন্ধিয়া অথবা পুৱাই খোজ কঢ়াৰ অভ্যাস গঢ়ি তুলিলে সুফল পোৱা যায় ।
৫. প্ৰতিগৰাকী ব্যক্তিয়ে যিমান সম্ভৱ সিমানে টেনছন বা চাপমুক্ত হৈ থাকিব লাগে । যিবোৰ কাম কৰিলে চাপৰ সৃষ্টি হয় , তেনে । কামৰ পৰা আঁতৰি থকাটোৱে মংগলজনক । তদুপৰি দিনটোৰ ভিতৰত কোনবোৰ কাম প্রথমে কৰিব লাগে , সেইবোৰ ভালদৰে জানি ল'লেও চাপৰ পৰা আঁতৰি থাকিব পাৰি ।
৬. কফি আদি বেছিকৈ খাব লাগে, ৰেড মীট , কণীৰ কুহুম আদি কম পৰিমাণে গ্রহণ কৰাটোৱে মংগলজনক ।
শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখিব লাগিব । শৰীৰত যাতে অতিৰিক্ত চর্বি জমা হ'ব নোৱাৰে , তাৰবাবে সতর্কতা অৱলম্বন কৰিব লাগিব । যিবোৰ খাদ্য গ্রহণ কৰিলে ৰক্তচাপ বৃদ্ধি পোৱাৰ আশংকা থাকে , তেনেধৰণৰ খাদ্য পৰিহাৰ কৰাটোৱে মংগলজনক । নিচাজাতীয় দ্রব্যৰ পৰা নিজকে আঁতৰাই ৰখাটোৱে মংগলজনক ।
Post a Comment