Home ads1

দেশৰ কৃষক আন্দোলনৰ সমাধান কৰিবলৈ ব্যর্থ হোৱা বাবে কেন্দ্রীয় চৰকাৰক আজি দোষাৰোপ কৰি তীব্র ভৎর্সনা কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে । মুখ্য ন্যায়াধীশ এছ এ বোবডে নেতৃত্বাধীন বিচাৰপীঠে কেন্দ্রক একপ্রকাৰ কঠোৰ সকীয়নি । দি ক'লে— যদিহে কৃষি আইনকেইখনৰ ৰূপায়ণ কেন্দ্রই স্থগিত নাৰাখে তেন্তে ন্যায়ালয়ে স্থগিতাদেশ দিবলৈ বাধ্য হ'ব । বলৱৎ স্থগিতকৰণৰ নির্দেশ নামানে কৃষকে । চৰকাৰে ৩ কৃষি আইন বাতিল নকপর্যন্ত চলিব আন্দোলন


                   ইতিপূর্বে ন্যায়ালয়ে সমস্যাটো এখন কমিটী গঠন কৰি সমাধানৰ বাবে নির্দেশ দিয়াৰ পিচতো কোনো সমাধান বাহিৰ নোহোৱাত ন্যায়ালয় হতাশ বুলিও কয় । তিনিখন বিতর্কিত কৃষি আইন আৰু খেতিয়কে দিল্লী অৱৰোধ কৰি ৰখা কৃষক আন্দোলনৰ সমস্যাৰ সমাধান বিচাৰি উচ্চ ন্যায়ালয়ত দাখিল হোৱা বহুকেইখন আবেদন একেলগ কৰি আজি উচ্চতম ন্যায়ালয়ে শুনানি অনুষ্ঠিত কৰে । মুখ্য ন্যায়াধীশ বোবডেৰ লগতে ন্যায়াধীশ এ এছ বোপান্না আৰু ন্যায়াধীশ ভি ৰামা সূৱমণিয়মেৰে গঠিত বিচাৰপীঠে কয়— ‘ কৃষক সমস্যাটোৰ সমাধানৰ বাবে উপযুক্ত ব্যৱস্থাৱলী গ্ৰহণ কৰাত চৰকাৰ ব্যৰ্থ হৈছে । যদি কিবা ভুল হৈ যায় তেন্তে আমি প্রত্যেকেই দায়ী হ'ম । হিংসা বা ৰক্তপাত হলে দায়ী কোন হ’ব ? আঘাত বা তেজেৰে আমাৰ হাত ৰাঙলী কৰিব নিবিচাৰে চৰকাৰী পক্ষৰ হৈ এটর্নি জেনেৰেল আৰু ছলিছিটৰ জেনেৰেলে কেন্দ্ৰ আৰু কৃষকৰ মাজত হোৱা ৮ লানি আলোচনাৰ বিষয়ে ন্যায়ালয়ক জনাই অধিক সময় বিচাৰে । কিন্তু কমিটী গঠনেৰে কৰা আলোচনা নিষ্ঠা আৰু কাৰ্যকৰী ফলাফল নেদেখি তীব্র অসন্তুষ্টি ব্যক্ত কৰে ন্যায়পীঠে । 

ন্যায়ালয়ে কয়— ‘ আইনৰ ৰূপায়ণ স্থগিত ৰখাত চৰকাৰৰ সঁহাৰি নাই কিয় ? যদিহে আইন ৰূপায়ণ বন্ধ ৰাখিবলৈ কেন্দ্রই সিদ্ধান্ত লয় , তেন্তে আমি কৃষকসকলক আলোচনাত বহিবলৈ কম । যদিহে চৰকাৰৰ সামান্যতম সংবেদনশীলতা আছে , তেন্তে কৃষি আইনকেইখন বলৱকৰণৰ পৰা বিৰত থাকিবলৈ কৈ কোনো কাৰণতে যাতে আন্দোলনৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ নাযায় , তাৰবাবেও কেন্দ্রক বিচাৰপীঠে সকীয়নি দিয়ে । আইনখনৰ বলৱকৰণ বন্ধ ৰখাটো কোনো ‘ আত্মসন্মান’ৰ কথা হ'ব নোৱাৰে বুলিও ন্যায়ালয়ে কয় । সমস্যা সমাধানৰ বাবে ন্যায়ালয়ে নিজে এখন কমিটী গঠন কৰিব বুলিও কয় । এই কমিটীৰ অন্তর্ভুক্ত কৰিবৰ বাবে ব্যক্তিৰ নাম দিবলৈকো চৰকাৰক অনুৰোধ জনায় । কাইলৈও গোচৰৰ শুনানি অনুষ্ঠিত হ'ব । আজি এটর্নি জেনেৰেল কে কে বেণুগোপালে কোনো নির্দেশ নিদিবৰ বাবে মুখ্য ন্যায়াধীশ বোবডেক অনুৰোধ জনাইছিল । লগে লগে মুখ্য ন্যায়াধীশে ‘ কিয় নিদিম বুলি প্রশ্ন কৰে । একপ্ৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ মুখ্য অধিবক্তাজনক ধমক দি মুখ্য ন্যায়াধীশে কয়— আমি আপোনালোকক অতি দীঘলীয়া সময় - সুযোগ দিলো । 

আমাৰ ধৈৰ্যৰ বিষয়ে আপুনি ভাষণ নিদিব । নির্দেশ কেতিয়া দিব লাগে , সেই বিষয়ে আমি সিদ্ধান্ত ল'ম । আমি এটা অংশৰ নির্দেশ আজি আৰু এটা অংশ নির্দেশ কাইলৈ দিব পাৰো । আনহাতে এটর্নি জেনেৰেলে কয় যে যদিহে কৃষকসকলে তেওঁলোকৰ অভিযোগসমূহৰ বিষয়ে নকয় আৰু কেৱল আইন তিনিখন বাতিলৰ কথাহে কৈ থাকে , তেন্তে সর্বোচ্চ ন্যায়ালয়ে সমস্যা সমাধানৰ বাবে নিজাকৈ এখন কমিটী গঠন কৰিলেও এয়া কোনো কামত নাহিব । তদুপৰি বেণুগোপালে কয় যে যদিহে ন্যায়ালয়ে কৃষি আইন তিনিখনত স্থগিতাদেশ দিয়ে , তেন্তে ইয়াৰ ফলত দুহেজাৰ কৃষকৰ বিস্তৰ ক্ষতি হ’ব । এটর্নি জেনেৰেল বেণুগোপালে ন্যায়ালয়ক অভিযোগ দিয়ে যে আন্দোলনকাৰী কৃষকসকলে দুহেজাৰ ট্ৰেক্টৰৰ সমদল উলিয়াই আসন্ন গণতন্ত্র দিৱসৰ কাৰ্যসূচী বিঘ্নিত কৰিব বিচাৰিছে । তেতিয়া কৃষকসকলৰ অধিবক্তা দুষ্যন্ত ডাভেই কয় যে কৃষকসকলৰ বহুসংখ্যক হৈছে প্রাক্তন জোৱান আৰু অৱসৰপ্ৰাপ্ত সেনা বিষয় । তেনেস্থলত কৃষকে আইন শৃংখলা উলংঘা কৰাৰ কোনো আশংকা নাই । কৃষকৰ আত্মহত্যাৰ ঘটনা বৃদ্ধিতো ন্যায়ালয়ে উদ্বেগ প্রকাশ কৰে । 

তদুপৰি আন্দোলনত বৃদ্ধ - বৃদ্ধা , মহিলা আৰু শিশুসকলে অংশ লোৱাত তীব্র অসন্তুষ্টি প্রকাশ কৰে । অৱশ্যে ন্যায়ালয়ে কেন্দ্ৰক প্রশ্ন কৰে— ‘ দিনৰ পিচত দিন দিল্লীৰ ৰাজপথত বয়সস্থ লোকসকল বহি আছে , মহিলাসকল বহি আছে । এনে পৰিস্থিতি দেখিও কিয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই ? ছলিছিটৰ জেনেৰেল তুষাৰ মেহতাই আজি শুনানিকালত ন্যায়ালয়ক কয় যে একাংশ কৃষকেহে কৃষি আইনৰ বিৰোধিতা কৰিছে আৰু দেশৰ অন্যান্য প্রান্তৰ কৃষকসকলে এই আন্দোলনত চামিল হোৱা নাই । দেশৰ বহু কৃষক সংগঠনে আইনৰ সমর্থন কৰিছে বুলি তেওঁ কয় । কিন্তু মুখ্য ন্যায়াধীশ বোবডেই কয় যে ন্যায়ালয়ত বহুতো আবেদন দাখিল হৈছে । কিন্তু ইয়াৰ মাজত এখনো আবেদনত আইনকেইখন কৃষকৰ কল্যাণকামী বুলি উল্লেখ কৰা নাই । আনহাতে হাৰিয়ানাৰ ইণ্ডিয়ান নেচনেল লোকদলৰ বিধায়ক অভয় সিং চৌতালাই ২৬ জানুৱাৰীৰ ভিতৰত কৃষি আইন বাতিল নহ'লে হাৰিয়ানা বিধানসভাৰ পৰা পদত্যাগ কৰিব বুলি ঘোষণা কৰিছে ।

Post a Comment

Previous Post Next Post