Home ads1

প্রযুক্তিবিদ্যা জগতৰ এক ছিক্রেট মিছন  যি ভৱিষ্যৎ সলনি কৰিবলৈ গৈ আছে  এক গোপন কার্য । সেই গোপন কার্যত দিনে - নিশাই ব্ৰতী এচাম আগৰণুৱা প্রযুক্তিবিদ্যাৰ দল । তেওঁলোকৰ প্রচেষ্টাত অহর্নিশে চলি থকা এই ছিটে মিছনে ক্রমান্বয়ে পূর্ণতা পোৱাৰ দিশে । অৱশ্যে এই কার্য ইমানেই গোপন চলাই নিছে যে তাৰ বিষয়ে আধুনিক প্রযুক্তিবিদ্যাৰ অন্য ৰথী মহাৰথীসকলে কোনো ধৰণৰ কুৱে উলিয়াব পৰা নাই । এই নতুন প্রজেক্টৰ অনুসন্ধান অব্যাহত ৰাখিছে । আধুনিক প্রযুক্তিবিদ্যাৰ বিভিন্ন দলে । পিচে অনুসন্ধানত ব্ৰতী যদিও সঠিক ধৰণে একো উমঘামেই ল'ব পৰা নাই পৰিকল্পনাটোৰ বিষয়ে । সেই স্বপ্নৰ পৰিকল্পনাটোৰ নাম হৈছে ‘ দা প্রজেক্ট টাইটান ' । 



আধুনিক প্রযুক্তিবিদ্যাৰ জগতত এইবাবেই খলকনি উঠিছে যে এনে মিছনৰ সৈতে প্রখ্যাত আইফোন নির্মাতা প্রতিষ্ঠান এপ’লৰ নাম সাঙোৰ খাই পৰিছে । এপ’ল মানেই ম'বাইলৰ জগতত এক চাঞ্চল্য । পিচে এই বাৰ এই আইফোন নির্মাতা কোম্পানী এপলে অন্য এক প্রযুক্তিত অতি সন্তর্পণেই হাত দিছে । ফলত প্রথমতে আমেৰিকা যুক্তৰাষ্ট্ৰত চাঞ্চল্য , তাৰ পিচত সমগ্র বিশ্বতেই এই খবৰে হুৱাদুৱা লগাইছে । এপলে ভৱিষ্যতৰ জগতখনক সন্মুখত লৈ আগবাঢ়িছে অত্যাধুনিক স্বয়ংচালিত ইলেক্ট্রনিক কাৰ নিৰ্মাণৰ দিশে । প্রখ্যাত ঔদ্যোগিক প্রতিষ্ঠান এপলে পূর্ণগতিত কার্য অব্যাহত ৰখা এই অত্যাধুনিক স্বয়ংচালিত বৈদ্যুতিক বাহনে ২০২৩ চনৰ পৰা ২০২৫ চনৰ ভিতৰতেই বজাৰলৈ ভুমুকি মাৰিব । এপ’লৰ এনে । প্রচেষ্টাই আন এক প্রখ্যাত ইলেক্ট্রনিক বাহন নির্মাতা কোম্পানী টেছলাৰ মাজতো চাঞ্চল্যৰ সৃষ্টি কৰিছে । আধুনিক প্রযুক্তিবিদ্যাৰ নমস্য ব্যক্তি এলন মাস্কৰ প্রতিষ্ঠানৰ টেছলাৰ প্ৰায় হেজাৰোধিক সুনিপুণ , দক্ষ প্রযুক্তিবিদে ইতিমধ্যে এপ’ল প্রতিষ্ঠানৰ হৈ এই কার্য চলাই লৈ গৈ আছে । অতি উচ্চ হাৰত দৰমহা আগবঢ়াই নিজ প্রতিষ্ঠানৰ অধীনলৈ অনা এপল কোম্পানীয়ে টেছলাৰ এই দক্ষ কর্মচাৰীৰ হতুৱাই ইতিমধ্যে স্বয়ংচালিত বৈদ্যুতিক বাহন নির্মাণৰ ক্ষেত্ৰত যথেষ্ট দূৰ আগুৱাইছে । সেইবাবে অদূৰ ভৱিষ্যতে টেছলাৰ প্রতিষ্ঠাতা এলন । মাস্ক আৰু এপ’লৰ মুখ্য কাৰ্যবাহী বিষয়া টিম কুক এই প্রযুক্তিগত যুদ্ধত প্রায় সম্মুখ সমৰত নামি পৰিছে । কিয়নো বৈদ্যুতিক বাহন নির্মাণৰ ক্ষেত্ৰত টেছলাৰ কীর্তি সমগ্র বিশ্বতেই ৰৈ - বৈ যোৱা । ঠিক একেদৰে প্রখ্যাত আইফোন নির্মাণ প্রতিষ্ঠান এপ’লৰ উন্নত প্রযুক্তিৰ ম'বাইলৰ খ্যাতিৰ বিষয়ে সকলোৱে জ্ঞাত ।

এপ’লৰ নতুন আইফোন মানেই আন এক চাঞ্চল্য সর্বসাধাৰণৰ মাজত । ন ন প্রযুক্তিৰ সমাহাৰেৰে এপ’লৰ আইফোনে ম'বাইল জগতত দপদপাই আছে সমগ্র বিশ্বতে । সেই প্রখ্যাত প্রতিষ্ঠানেই যেতিয়া সন্তর্পণে সমগ্রৰ জগতকে আঁৰত ৰাখি স্বয়ংচালিত ইলেক্ট্রনিক বাহন নির্মাণত হাত দিছে , তাৰ মানেই আন এক উৎকণ্ঠা বিশ্ববাসীৰ । আইফোনৰ কামাল ’ আৰু ‘ ধামাল’ৰ বিষয়ে সকলোৱে জ্ঞাত । সেয়েহে এপ’লৰ ইলেক্ট্রনিক বাহন নির্মাণেই সকলোৰে মাজত উৎসুকতা দুগুণেই বৃদ্ধি কৰিছে । কিয়নো বিভিন্ন উৎসৰ খবৰ অনুযায়ী এপ’লৰ এই ইলেক্ট্রনিক বাহনে ভৱিষ্যতৰ অটোম'বাইলৰ জগতত এক নতুন দিগন্তৰ সৃষ্টি কৰিব বুলি সকলো আশাবাদী । ইতিমধ্যে যিসকল দক্ষ কর্মচাৰীয়ে ইলেক্ট্রনিক কাৰ নির্মাণ প্রতিষ্ঠান টেছলা ত্যাগ কৰি এপ’ল কোম্পানীত যোগদান কৰিছে , সেইসকলৰ কীর্তি আধুনিক প্রযুক্তিবিদ্যা জগতত ৰৈ বৈ যোৱা । ঔদ্যোগিক প্রতিষ্ঠান টেছলাৰ প্রাক্তন উপ - সভাপতি ক্রিছ অটে ’ যি টেছলাৰ পূর্বে আন এক প্রখ্যাত কোম্পানী এষ্টন মাটিনৰ হৈ কাম কৰিছিল তেওঁ এপ’ল প্রতিষ্ঠানৰ এই স্বয়ংচালিত ইলেক্ট্রনিক কাৰ নির্মাণৰ গুৰি ধৰোতাসমূহৰ এগৰাকী । তদুপৰি টেছলাৰ পূৰ্বৰ মেকানিকেল ইঞ্জিনীয়াৰিং মেনেজাৰ ডেভিদ নেলছন , টেছলাৰ প্ৰাক্তন তথা জ্যেষ্ঠ পাৱাৰ ট্রেন টেষ্ট ইঞ্জিনীয়াৰ জন আয়াৰলেণ্ড , টেছলাৰ পূৰ্বৰ হেড অব ৰিত্ৰুই টমেণ্ট বিষয়া লৰেন ছিমিনাৰায়ো এপল’ৰ এই নতুন পৰিকল্পনাৰ সৈতে জড়িত হৈ পৰিছে । ইফালে এপ’ল কোম্পানীক অধ্যয়ন কৰা প্রখ্যাত বি মিং ছি পোৰ দাবী ২০২৩ চনৰ পৰা ২০২৫ চনৰ ভিতৰত এপ’লৰ এই স্বয়ংচালিত অত্যাধুনিক কাৰে বজাৰত ভুমুকি মৰা মানেই অটোম’বাইল ইণ্ডাষ্ট্ৰীয়ে দ্রুতগতিত পোনপটীয়াকৈ ভৱিষ্যতলৈ ধাৱমান হ’ব । প্রখ্যাত বিশ্লেষকগৰাকীয়ে এপ’লৰ অটোম’বাইল ইণ্ডাষ্ট্রীত প্রৱেশে আন এক সম্ভাৱনাৰ দুৱাৰ মুকলি কৰাৰ

বিষয়ে উল্লেখ কৰে । আকৌ ২০১৭ চনত কেলিফর্নিয়াৰ মটৰ ভেহিকলে এখন অনুজ্ঞাপত্ৰ জাৰি কৰিছিল এপ’লক । যত স্বয়ংচালিত কাৰৰ সম্পৰীক্ষা কৰিব পৰাৰ ব্যৱস্থা ৰখা হৈছিল । তদুপৰি এপ’লৰ অত্যাধুনিক এপ’ল পাৱাৰ কার্যালয় , যি আমেৰিকাৰ কুপাৰটিনত অৱস্থিত , সেই ঠাইত শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে লেক্সাজ বাহন । এই অত্যাধুনিক গাড়ীসমূহত এপ’ল কোম্পানীৰ ছেলফ ড্রাইভিং ছফটৱেৰ ইনষ্টল কৰাৰ উপৰি চৌদিশে কেমেৰাৰে আৱৰি ৰখা হৈছে । সেই স্থানতেই আকৌ ছেলফ ড্রাইভিং মেকানিজমৰ পৰীক্ষা - নিৰীক্ষা চলাই থকা হৈছে । যাৰ ফলত পূর্বানুমান কৰা হৈছে যে এপল কোম্পানীয়ে ছেল ড্রাইভিং কাৰক উন্নীত কৰাৰ শেষ পর্যায়ত উপনীত হৈছে । আনহাতে শেহতীয়াকৈ এপ’ল কোম্পানীয়ে স্বয়ংচালিত ইলেক্ট্রনিক বাহন নির্মাণৰ ক্ষেত্ৰখনৰ কেইবাটাও পেটেন্ট লাভ কৰিছে । তাৰ ভিতৰত প্রথমেই উল্লেখ কৰিব বিচৰা হৈছে উইণ্ড টিং টিং প্রযুক্তি । এই প্রযুক্তিত বাহন এখনৰ খিৰিকীত যিসমূহ ফিল্ম লগাই লোৱা হয় , তাৰ বিস্তৃত উন্নয়ন সাধন কৰিছে এপ’লে । 

সচৰাচৰ সূৰ্যৰ ৰশ্মি গাড়ীৰ ভিতৰত কমকৈ পৰিবলৈ এনেধৰণৰ ফিল্ম লগাই লোৱা হয় । পিচে আমাৰ ম'বাইলত যিদৰে পোহৰৰ কম - বেছি কৰিবলৈ ব্রাইটনেছ’ৰ ব্যৱহাৰ কৰো , ঠিক সেইদৰে এই টেকনল’লজিতে এনেধৰণৰ সূৰ্যৰ ৰশ্মি সঠিকভাৱে নিয়ন্ত্রণ কৰিব পৰা যাব গাড়ীৰ ভিতৰৰ পৰাই । ইফালে ৰিয়েল টাইম এলাইন্টমেন্ট এণ্ড কেলিবাৰেচন অহ্ অটোমেটেড চেন্সৰ্ছৰ প্ৰযুক্তিৰ পেটেন্ট কৰাই লৈছে এপ’লে । এই প্রযুক্তিৰ জৰিয়তে সঠিক সময়ত উপযুক্ত স্থানৰ নিৰ্ধাৰণ এপ’লৰ স্বয়ংচালিত কাৰখনে কৰি ল'ব পাৰিব । সেইদৰে সন্মুখত কি আছে তাৰ পূর্বানুমান কৰি ল'ব পৰা প্রযুক্তিৰে সমৃদ্ধ এই ব্যৱস্থা । আকৌ গাড়ী এখনে দিক নির্ণয় কিদৰে কৰিব , আগুৱাব নে পিচলৈ আহিব , কোনফালে গতি কৰিব সেয়া এই এপ’লৰ স্বয়ংচালিত বৈদ্যুতিক বাহনৰ অত্যাধুনিক চেন্সৰ ব্যৱস্থাইহে নির্ধাৰণ কৰিব । এপ’লে স্মার্ট টেক আৰু স্মার্ট ড’ৰ নামৰ আন দুবিধ পেটেন্ট নিজৰ নামত কৰাই লৈছে । ইয়াৰে স্মার্ট টেক প্রযুক্তিৰ জৰিয়তে যিকোনো লেণ্ডমার্ক অতি সহজতেই চিনাক্ত কৰিব পাৰিব এপ’লৰ বজাৰলৈ আহিবলগীয়া অত্যাধুনিক ডিজাইনৰ স্বয়ংচালিত বৈদ্যুতিক বাহনে । 

আনহাতে স্মার্ট ড’ৰৰ দৰে আধুনিক প্রযুক্তিৰে এনেধৰণৰ স্বয়ংচালিত কাৰ অকল মুকলি স্থানতহে খুলিব । অর্থাৎ এপ’লৰ এই আহিবলগীয়া স্বয়ংচালিত বৈদ্যুতিক কাৰে অতি ভিৰ এলেকা হলে সংকেত প্রদান কৰিব আৰোহীক । তদুপৰি অন্য বাহনৰ যথেষ্ট সমাগম তথা আহ - যাহ হোৱা স্থানত এই স্মার্ট দর্জা খোল নোখোৱাৰ পৰিবৰ্তে সুৰক্ষিত স্থানতহে খোল খাই পৰিব এনে অত্যাধুনিক দর্জা । এপ’ল কোম্পানীৰ পূৰ্বৰ মুখ্য কাৰ্যবাহী বিষয়া প্রয়াত ষ্টিভ জবছে ২০০৭ চনত টেছলাই যেতিয়া ইলেক্ট্রনিক কাৰে বজাৰত ভুমুকি মাৰিছিল , সেই সময়তে ঘোষণা কৰিছিল এপ’লৰ এনে অত্যাধুনিক বাহন নির্মাণ সম্পর্কে থকা উচ্চাকাংক্ষা । কিন্তু এই পৰিকল্পনা দীর্ঘদিন ধৰি এনেদৰেই গেঁঠেলা মাৰি পৰি আছিল যদিও পিচত এপ’লৰ মুখ্য কাৰ্যবাহী বিষয়া টিম কুকে দ্রুতগতিত পুনৰ আৰম্ভণি কৰে । ২০১৭ চনতে কুকে এক অনুষ্ঠানত এপ’ল প্রতিষ্ঠানে অটোনমাছ ছিষ্টেমৰ ওপৰত সর্বাধিক গুৰুত্ব আৰোপ কৰাৰ বিষয়ে উল্লেখ কৰিছিল । কাৰণতো হৈছে এই অটোনমাছ ছিষ্টেমত সর্বাধিক আর্টিফিচিয়েল ইন্টেলিজিন্সে ছিষ্টেমৰ প্ৰয়ােগ কৰা হয় । যি ছিষ্টেমে স্বয়ংক্রিয়ভাৱেই সম্পূর্ণ কার্য সমাধা কৰে । এনে অটোনমাছ ছিষ্টেম সবাতোকৈ বেছি ব্যৱহৃত হয় স্বয়ংচালিত গাড়ীৰ ক্ষেত্ৰত । 

এনেধৰণৰ দ্রুতবেগী স্বয়ংচালিত ইলেক্ট্রনিক বাহনৰ প্রতি সর্বসাধাৰণৰ আগ্রহ যথেষ্ট দেখা যায় । সেইবাবে এনেধৰণৰ প্ৰযুক্তিৰ জৰিয়তে এপ’লে এই স্বপ্নৰ পৰিকল্পনাক বর্তমান বাস্তৱ ৰূপ দিবলৈ অগ্ৰসৰ হৈছে । ইতিমধ্যে এপ’লে ট্রান্সপ'র্ট কোম্পানীত যথেষ্ট বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছে । ইতিপূর্বে ১ বিলিয়ন ডলাৰ ডি ডি ছুং চি কোম্পানীত বিনিয়োগেৰে নিজৰ সবল উপস্থিতি জাহিৰ কৰিছে প্রখ্যাত ঔদ্যোগিক প্রতিষ্ঠান এপ’লে । এই ডি ডি ছুং চি কোম্পানীয়ে প্রধানতঃ ডাটা ষ্ট'ৰ কৰে পথ তথা মেপৰ । এই ডি ডি ছুং চি কোম্পানীয়ে চীনত উবেৰৰ সৈতে যৌথ সহযোগিতাৰে কাম কৰি আছে পথৰ মেপিং কার্যত । উল্লেখ্য , ২০১৭ চনৰ জুলাইত এক ৰিপৰ্ট অনুসৰি কনটেম্প’ৰেী এমছে টেকনলজি ফৰ ৰিছাৰ্চ এণ্ড ডেভেলপমেন্ট অব নিউ জেনেৰেচন কাৰ বেটাৰি প্ৰতিষ্ঠানৰ সৈতে সহযোগিতা আগবঢ়ায় এপ’লে পৰৱর্তী প্রজন্মৰ বাবে ইলেক্ট্রনিক গাড়ীৰ বেটাৰি উন্নীতকৰণত । চীনৰ এই কোম্পানীৰ সহায় লৈ এপলে ’ এই কাৰ্যৰে যথেষ্ট উন্নতি সাধিছে । ঠিক সেইদৰে জুন , ২০১৯ চনত ' drive.ai ' শীর্ষক এক আমেৰিকাৰ ষ্টার্ট আপ কোম্পানী ক্ৰয় কৰি লয় এপ’লে । এই কোম্পানীয়ে আমেৰিকাৰ টেক্সাছত ছেলফ ড্রাইভিঙৰ পাইলট প্রগ্রেম চলাই আছে । এপ’লে নিজৰ স্বয়ংচালিত ইলেক্ট্রনিক কাৰৰ কাম - কাজ আগুৱাই নিবলৈ শীর্ষ পর্যায়ৰ অনলাইন ডমেইনছ ক্ৰয় কৰিছে । 

এই ডমেইনছসমূহৰ নাম শুনিলে আশ্চর্যচকিত হৈ পৰিব সকলো । সেয়া হৈছে । apple.car , apple.cars আৰু apple.auto ৷ এপ’লৰ ইলেক্ট্রনিক বাহনৰ আন এক উন্নত প্রযুক্তি হৈছে অগমেন্টেড ৰিয়েলিটী । এই ব্যৱস্থাৰ জৰিয়তে আমি স্বয়ংচালিত বৈদ্যুতিক কাৰৰ ডিজিটেল মডেলসমূহ ডিজিটেল মাধ্যমেৰে স্পৰ্শ কৰিয়েই নিজ কার্য সমাধা কৰিব পাৰিম । এপ’লৰ এই উন্নত প্রযুক্তিয়ে গাড়ী চালনাৰ সম্পূর্ণ প্রক্রিয়াই সলনি কৰি পেলাব অনাগত দিনত । অর্থনৈতিক বিশেষজ্ঞৰ আন এক দাবী অনুসৰি এনেধৰণৰ বহুজাতিক কোম্পানীয়ে অকল স্বয়ংচালিত বৈদ্যুতিক কাৰ ক্রেতাক বিক্ৰীৰে মুনাফা অর্জন নকৰে । প্ৰকৃততে এপ’লৰ দৰে এনেধৰণৰ প্রখ্যাত ঔদ্যোগিক প্রতিষ্ঠানে এটেনচন ইকনমিকৰ জৰিয়তেহে আচল মুনাফা অর্জন কৰিব । স্বয়ংচালিত প্রযুক্তিগতভাৱে উন্নত বৈদ্যুতিক গাড়ী এখনত আৰোহীয়ে নিজেই যেতিয়া বাহনখন চলাবলগীয়া নহয় , সেইক্ষেত্ৰত সময় যথেষ্ট ৰাহি হ'ব । এনেধৰণৰ অত্যাধুনিক ডিজিটেলাইজ বৈদ্যুতিক কাৰত যথেষ্ট স্ক্রীণ লগোৱা থাকিব । 

এইধৰণৰ স্ক্রীণতেই নিজৰ কাম - কাজ আগুৱাই লৈ যোৱাৰ উপৰি মনোৰঞ্জনৰ বাবে ব্যৱহাৰ কৰিব পাৰিব । ফলত এনেধৰণৰ কার্য কৰাৰ ফলতেই এটেনচন ইকনমিৰ মাধ্যমেৰে অভাৱনীয় ৰাজহ সংগ্রহ কৰিব পাৰিব এপ’ল কোম্পানীয়ে । দৰাচলতে এয়া হৈছে সম্পূর্ণরূপে একধৰণৰ প্রযুক্তিগত যুদ্ধ । এপ’ল কোম্পানীৰ এই বাহন বজাৰত অহা মানেই সেয়া হৈ পৰিব ষ্টাৰ প্রডাক্ট । এই সন্দৰ্ভত প্রখ্যাত আলোচনী । বিজনেছ ইনচাইডৰত এপ’লৰ এগৰাকী জ্যেষ্ঠ বিষয়াই নিজৰ নাম প্রকাশ নকৰাৰ চৰ্তত কোম্পানীটোৰ বজাৰত আহিবলগীয়া স্বয়ংচালিত বৈদ্যুতিক বাহন সন্দৰ্ভত অনেক গুরুত্বপূর্ণ বিষয় উল্লেখ কৰিছে । এইগৰাকী বিষয়াই জনোৱা অনুসৰি , যিদিনা এপ’লৰ এই অত্যাধুনিক বাহনে বজাৰত ভুমুকি মাৰিব , এক নতুন যুগৰ সূচনা হ’ব টেকন’জিম পৃথিৱীত । অটোম'বাইলৰ বজাৰত অভাৱনীয় উত্থানেৰে এপ’লৰ এই বাহনে শীর্ষস্থান দখল কৰাৰ লগে লগেই টেছলাই পূর্বতে যি শীর্ষস্থান অধিগ্রহণ কৰি আহিছিল , তাৰ পৰা বিচ্যুত হ’ব । 

তদুপৰি পেট্রল , ডিজেলচালিত বাহনৰ বিক্ৰীতো যথেষ্ট প্রভাৱ পৰিব এপ’লৰ এই স্বয়ংচালিত বৈদ্যুতিক কাৰৰ বজাৰত প্ৰৱেশ কৰাৰ ফলত । এপ’লৰ নতুন আইফোন একোটা বজাৰত উলিয়াই দিয়াৰ পূর্বেই যিদৰে সমগ্র বিশ্বৰ ক্ৰেতাৰ মাজত এক অভাৱনীয় উৎসুকতাৰ সৃষ্টি কৰে , ঠিক একে হাবিয়াহেই স্বয়ংচালিত বৈদ্যুতিক গাড়ীখনৰ ক্ষেত্ৰতো দেখা যাব বুলি তেওঁ উল্লেখ কৰে । অৱশ্যে সেয়া যি কি নহওক এই বিশ্ব প্রযুক্তিবিদ্যাৰ জগতত দোপতদোপে আগবাঢ়ি গৈ আছে অতি দ্রুতগতিত । অত্যাধুনিক প্রযুক্তিগত ব্যৱস্থাই মানৱ সমাজৰ জীৱনধাৰণৰ মান উন্নত কৰাৰ লগতেই সময়ৰো যথেষ্ট ৰাহি কৰিছে । নিশ্চিতভাৱেই এইক্ষেত্ৰত এপ’লৰ আহিবলগীয়া স্বয়ংচালিত ইলেক্ট্রনিক কাৰখনৰ কথাই উল্লেখ কৰিব পাৰি । ডিজিটেল পৃথিৱীত অত্যাধুনিক প্রযুক্তিৰ দপদপনিয়ে ক্রমান্বয়ে আমাক আন এক ভৱিষ্যতৰ দিশলৈ লৈ গৈ আছে । প্রযুক্তিবিদ্যাৰ উত্তৰণ মানেই মানৱ সমাজৰ উন্নতি । অনাগত দিনত আইফোন নির্মাতা প্রতিষ্ঠান এপ’লৰ এই অত্যাধুনিক স্বয়ংচালিত ইলেক্ট্রনিক বাহনখনৰ ওপৰত সমগ্র বিশ্বৰেই দৃষ্টি নিবদ্ধ হৈ থাকিব । কাৰণ এপ’লৰ নিৰ্মাণ মানেই হৈছে অত্যাধুনিক প্রযুক্তিবিদ্যা জগতৰ আন এক চমৎকাৰিতা ।

Post a Comment

أحدث أقدم