Home ads1

 ধর্মৰ ক্ষেত্ৰত চ্যুকাফাৰ উদাৰতা আছিল অদ্বিতীয় । নিজৰ কুলদেৱতা , পুৰোহিত , ধর্মশাস্ত্র , আচাৰ - নীতি , ঐতিহ্য আদি লৈ অহা সত্ত্বেও প্রজাৰ ওপৰত এইবিলাক প্রয়োগ কৰা নাছিল । তাৰ পৰিৱর্তে বিৰ্জিতুসকলৰ আচাৰ , ৰীতি - নীতিবোৰৰ লগত অভ্যস্ত হোৱাৰ প্ৰচেষ্টাহে কৰিছিল । এইখন অসমত বৈষ্ণৱ , শাক্ত , শৈৱ সকলোৱে সংকোচহীনভাৱে , স্বাধীনভাৱে নিজ নিজ ধর্মৰ আচৰণ কৰাৰ অবাধ সুবিধা পাইছিল ...


Founder of Ahom Kingdom: Chaolung Sukapha

আহোমসকল দক্ষিণ - পূর্ব এছিয়া আৰু দক্ষিণ চীনৰ বৃহত্তম টাই জাতিৰ এটা ঠাল । অসমলৈ অহা টাইসকলৰ ভিতৰত আহোমসকলক প্রধান জাতি বুলি ধৰা হয় তেওঁলোক ত্রয়োদহ শতিকাত চাওলুৎফ্র্যাঞ্চাৰ নেতৃত্বত উত্তৰ ব্ৰহ্মদেশৰ ( বর্তমান ম্যানমাৰ ) মাওলং ৰাজ্যৰ পাটকাই পর্বত পাৰ হৈ অসমত প্ৰৱেশ কৰে । তাৰ পাছত তেওঁলোকে দিহিঙলি ভটিয়াই সৌমাৰপীঠত প্রবেশ কৰে । চুকাফাই অসমত প্ৰৱেশ কৰি প্ৰথমে টিপামত বাহৰ পাতিছিল । তাৰ পাছত তেওঁলোকে বর্তমানৰ ধেমাজিৰ ওচৰত হাণুগুত বাহৰ পাতে । ত্রয়োদহ শতিকাতে চুকাফাৰ নেতৃত্বত প্রৱেশ কৰা টাইসকলে ছশ বছৰ ধৰি একেৰাহে দেশ শাসন কৰি অসমৰ পৰিৱেশৰ লগত নিজকে খাপ খুৱাই লোৱাৰ লগতে অসমত এক বৃহত্তৰ অসমীয়া জাতি গঠন কৰি লয় বিশ্ব ইতিহাসত বিকল ঘটনা হিচাপে চিহ্নিত একেটা ৰাজপৰিয়ালে একেলেথাৰিকৈ নিৰৱচ্ছিন্নভাবে প্রায় দুশ বছৰ ( ১২২৮-১৮২৬ ) শাসনৰ বাঘজৰী সুকলমে সম্পন্ন কৰা ৰাজবংশটোৱেই হ'ল অসমৰ আহোম ৰাজবংশ । ছাৰ এডৱার্ড গেইট চাহাবৰ অসম বুৰঞ্জীত পোৱা তথ্য মতে চুকাফাই ১৯১৫ খ্রীষ্টাব্দত আঠজন ডাঙৰীয়া আৰু বিষয়া , ন হাজাৰজন পুৰুষ - মহিলা আৰু ল'ৰা ছােৱালী , দুটা হাতী , তিনিশ ঘোঁৰা লৈ অসমলৈ যাত্রা আহোমসকল অসমত প্ৰৱেশ কৰি ৰাজ্য প্রতিষ্ঠা করা সময়ছোৱাত অসম - কামৰূপ নামেৰে জনাজাত আছিল । কামৰূপ ৰাজ্য কামপীঠ , স্বর্ণপীঠ , ৰত্নপীঠ আৰু সৌমাৰপীঠ— এই চাৰিটা ভাগত বিভক্ত আছিল । এই পীঠসমূহৰ ভিতৰতচুতীয়া , কগ্রণী , মৰাণ , বৰাহী , কেঁচ আৰু ভাসকলে নিজ নিজ শাৰ পাতলা শাসন কৰিছিল । চুকাফাৰ নেতৃত্বত আহোমসকল কামৰূপ ৰাজ্যত প্রৱেশ কৰি প্ৰথমতে চুতীয়া , কছাৰী , মৰাণ , বৰাহী আদি চুবুৰীয়া জনগোষ্ঠীসমূহৰ লগত সৌহার্দ্যপূর্ণ সম্পর্ক গঢ়ি তোলে । তেওঁলোকে খুঁজ - বাগৰেৰে নহয় , সমিলমিলেৰে এই লাকসকলৰ লগত সমন্বয়ৰ সেতু নির্মাণ কৰে । ফলত ক্রমান্বয়ে গঢ় লৈ উঠিল এখন বৃহত্তৰ অসমীয়া সমাজ তথা এটা অসমীয়া জাতি ।

 আহোমসকল মাজত জাত পাতৰ বিচাৰ নাছিল বাবে আহোমসকলে মংগোলীয় জনগোষ্ঠীসমূহৰ লগত সহজতে মিলি যাব পাৰিছিল কাৰণ অসমত বসবাস কৰা অন্যান্য জনগোষ্ঠীসমূহৰ খাদ্য আৰু ধর্মীয় ধ্যান - ধাৰণাৰ লগত তেওঁলোকৰ যথেষ্ট সাদৃশ্য আছিল । সেইবাবে তেওঁলোকে মংগোলীয় গোষ্ঠীৰ সকলো লোকক নিজৰ সমাজত অন্তর্ভুক্ত কৰি লৈ এখন বহল সমাজ গঢ়াৰ ইতিহাস ৰচিছিল । যুদ্ধ - বিগ্ৰহেৰে বিস্তাৰৰ প্ৰয়াস নকৰি সমিলমিলেৰে এখন বৃহত্তৰ সমাজ গঢ়ি তোলাৰ আহোমসকলৰ যি আদর্শ সেই আদর্শই সকলো জনগোষ্ঠীৰ লোকক এখন সমাজৰ মজিয়ালৈ অনাত প্রভূত অৰিহণা যোগাইছিল । সুনিপুণ ৰাজনীতিজ্ঞ চুকাফাই কুটনৈতিক কৌশল আৰু বন্ধুত্বপূর্ণ মনোভাৱেৰে স্থানীয় ৰজাসকলৰ লগত সম্পর্ক স্থাপন কৰিছিল । তদুপৰি তেওঁলোকৰ সৈতে বৈবাহিক সম্পর্ক গঢ়ি তুলিছিল । ফলস্বৰূপে তেওঁ স্থানীয় প্রজ্ঞাসকলৰ অতি ওচৰ চাপি গৈছিল । স্থানীয় জনগোষ্ঠীৰ বহুতো লোকক চুকাফাই নিজ ৰাজ্যৰ প্রশাসনীয় বিষয়াৰ দায়িত্বও অপণি কৰি নিজৰ উদাৰতা আৰু বিচক্ষণতাৰ পৰিচয় দিছিল । ৰাজ্য শাসনৰ সুবিধার্থে তেওঁলোকে এই অঞ্চলৰ জনসাধাৰণৰ লগত মিলা - প্ৰীতিৰে থাকি ৰাজ্য শাসন কৰাৰ কুটনৈতিক কৌশল অবলম্বন কৰিছিল । এই কার্যই তেওঁলোকক স্থানীয় ভাষাৰ কাষলৈ চপাই নিছিল । সাধাৰণ দৃষ্টিত থলুৱা লোকসকলৰ মাজত আহোমসকল সংখ্যালঘু আছিল বাবে থলুৱা লোকৰ ভাষা গ্ৰহণ কৰাৰ প্রয়োজনীয়তা আহি পৰিছিল । থলুৱা লোকৰ লগত যোগাযোগৰ সুবিধাৰ বাবে থলুৱা ভাষা গ্ৰহণ কৰিছিল সকলো ধৰণৰ আদান প্রদানৰ বাবে সকলোৰে বাধ্যগমে এটা উমৈহতীয়া ভাষাৰ প্ৰয়োজনীয়তা অনিবার্য হৈ পৰিছিল । চুকাফা এজন অতি বিচক্ষণ আৰু দূৰদৰ্শী ৰজা আছিল । কিয়নো এখন নতুন বাবে সেই সময়ত টাই ৰাজ্যসমূহত প্রচলিত ভাষা , ধর্ম , সংস্কৃতি ভাস্কর্য , ৰীতি - নীতি , খাদ্য ৰীতি , চিকিৎসা শাস্ত্র , জ্যোতিষ বিজ্ঞান , উন্নত খেতিৰ পদ্ধতিও লগত লৈ আহিছিল চুকাফাৰ ৰাজ্যৰসীমা পুবে বুঢ়ীদিহিং নদী পশ্চিমে দিখে নদী , উত্তৰে ব্ৰহ্মপুত্র নদী আৰু দক্ষিণে নগা পর্বত চুকাফাৰ অসমত ৰাজ্য প্রতিষ্ঠা– দীর্ঘ সময়ৰ অধ্যয়ন আৰু প্ৰচেষ্টাৰ এক সফল ৰূপায়ণ । চুকাফাৰ আন অৱদান হ’ল বুৰঞ্জী ৰচনা আহোম ৰাজ্য প্রতিষ্ঠাতা চাওলুং চুকাফাই পাটকাই পাৰ হৈ কামৰূপত প্ৰৱেশ কৰিবৰ সময়তেই লগত বুৰঞ্জী লেখা মহং পণ্ডিত লৈ আহিছিল আৰু ইবাৱতী নৈ পাৰ হৈয়ে তেওঁক বুৰঞ্জী লিখিবলৈ নির্দেশ দিছিল । চাওল চুকাফাই তেওঁৰ যাত্রাপথত হোৱা সকলো ঘটনা দেওধাই , মহন বাইলুং পণ্ডিতসকলক লিখিবলৈ কোৱাৰ পৰাই অসম বুৰঞ্জীৰ আৰম্ভণি বুলিব পাৰি । ৰাজ্য গঠনত ইতিহাস অধ্যয়নৰ গুৰুত্ব উপলব্ধি কৰিছিল বাবেই চুকাফাই বুৰঞ্জী শিক্ষাৰ এক বলিষ্ঠ পৰম্পৰা আৰম্ভ কৰিছিল । বুৰঞ্জী শিক্ষা আৰু বুৰঞ্জী পঠন - পাঠন আহোমসকলে শিক্ষাৰ এক অপৰিহার্য অংগ হিচাপে গ্ৰহণ কৰিছিল । ৰাজনীতিৰ লগতে নৈতিক শিক্ষাৰৰ আধাৰ স্বৰূপে এই বুৰঞ্জীসমূহে অসমীয়া জাতীয় জীৱনত প্ৰভাৱ পেলাই আহিছে ।

            চাওলুং চুকাফাই ত্যাগৰ মাজেৰে ৰাজ্য গঢ়াৰ মনোভাৱ লৈছিল বাবেই আদি বাসস্থান মাওলুং ত্যাগ কৰিছিল ।তেওঁ ৰাজনৈতিক বিশৃংখলতাৰ উমান পায়েই পিতৃ ৰাজ্য ত্যাগ কৰি আন ঠাইত নিজ ৰাজ্য সন্ধানৰ উদ্দেশ্যে আগবাঢ়ি আহিছিল । কিন্তু অভিযান প্রয়াসী চুকাফাৰ দৃষ্টি আছিল সুদূৰপ্রয়াসী । যাৰ ফলত ব্রহ্মপুত্র উপত্যকাত বিলীন কৰিব পাৰিছিল টাই সভ্যতাৰ উৎকৃষ্টখিনি ফলত নতুন ৰূপত কৃষ্টি - সংস্কৃতি আৰু সংহতিৰ এক বহল আৰু শক্তিশালী ভেটি প্রতিষ্ঠা হৈছিল । চুকাফাৰ সমসাময়িক বিশৰ অভিযানকাৰীসকলৰ বেছিভাগৰে উদ্দেশ্য আছিল সম্পদ আহৰণ । যুদ্ধৰ প্রলয়ংকৰী বিভীষিকা , অত্যাচার , নিৰীহ লোকক হত্যা আৰু হাহাকাৰৰ পৰিবৰ্তে চুকাফাই কাৰোৰে পৰা কোনো সম্পদ লুট নকৰাকৈ নিজে কষ্ট কৰি খেতিৰ আৰু ভৌগোলিক অৱস্থা জানি জনসাধাৰণৰ লগত ভাব জৰিয়তে খাদ্য উৎপাদন আৰু বিভিন্ন ঠাইত জলবায়ু বিনিময়ৰ জৰিয়তে আগবাঢ়ি গৈ সুদীর্ঘ ১৩ বছৰৰ অন্ততহে চৰাইদেউত ৰাজধানী পাতিছিল । নিজৰ ত্যাগেৰে এটা বৃহৎ জাতি গঢ়াৰ প্ৰচেষ্টাৰ বাবে চুকাফা আজিও অমৰ । উল্লেখযোগ্য যে চুকাফাই আক্রমণাত্মক বা প্রতিবাধ মনোভাৱেৰে অসমত প্ৰৱেশ কৰা নাছিল চুকাফাই ব্ৰহ্মপুত্ৰ উপত্যকাত পাহাৰ - ভৈয়ামৰ বিভিন্ন জাতি - উপজাতিৰ মাজত ভাতৃত্ববাদ প্রতিষ্ঠা কৰিছিল সমন্বয়ব প্রথম পদক্ষেপ হিচাপে যুদ্ধ - বিগ্রহ , হিংসা প্রতিহিংসাতকৈ চেনেহৰ এনাজৰীডাল অধিক শক্তিশালী বিশ্বাস কৰিছিল । চুকাফাই এই বন্ধুত্বপূর্ণ আবেদনেৰে মৰাণ , বৰাহীসকলক মুগ্ধ কৰিছিল আৰু মিত্র ভাবেৰে দুয়োটা জনজাতিক বশ কৰিছিল । ধৰ্মৰ ক্ষেত্ৰত চুকাফাৰ উদাৰতা আছিল অদ্বিতীয় নিজৰ কুলদেবতা , পুৰোহিত ধর্মশাস্ত্র , আচাৰ নীতি ঐতিহ্য আদি লৈ অহা সত্বেও প্ৰজাৰ ওপৰত এইবিলাক প্রয়োগ কৰা নাছিল । তাৰ পৰিৱর্তে বিজিতসকলৰ আচাৰ ৰীতি - নীতিবোৰৰ লগত অভ্যঙ হোৱাৰ প্ৰচেষ্টাহে কৰিছিল । এইখন অসমত বৈষ্ণব শাক্ত , শৈৰ সকলোৱে সংকোচহীনভাৱে , স্বাধীনভাবে নিজ নিজ ধর্মৰ আচৰণ কৰাৰ অবাধ সুবিধা পাইছিল । যিটো পৰিৱেশ হয় তাতে সমসাময়িক ভাৰতৰ অন্য ৰাজ্যত নাছিল । সেই ফালৰ পৰা এই সময়ছোৱা অসমীয়া জাতিৰ ইতিহাসৰ এক গুৰুত্বপূর্ণ সময় । অতুলনীয় মহানুভবতা , উদাৰতা , সংহতি আৰু সমন্বয়ৰ পথ - প্রদর্শক চুকাফাৰ সোঁৱৰণ বর্তমান সময়ত


অতি প্রয়োজন হৈছে । যিটো জাতিয়ে প্রায় সমগ্র ভাৰত বিজয়ী মোগলক সফলতাৰে বাধা নিব পাৰিছিল । বর্তমান সেই কর্মঠ জাতিটো প্রায় দুর্বল , অদূৰদৰ্শী , নিলস আৰু এলে যেন অনুমান হয় । চুকাফাৰ এনে মহাজাতি গঠনৰ প্রচেষ্টা , আদর্শ আৰু সৃষ্টিৰ ফলত গঢ় লোৱা আহোম ৰাজ্য ১৮২৬ খ্রীষ্টাব্দত পতন ঘটে । আজি যি জাতীয় সংহতি , ঐক্য , সম্প্রীতি আৰু ভাতৃত্ব বিচাৰি হাবাথুৰি খোৱা হৈছে সেয়া চুকাফাই তেৰ শকিতাৰ আৰম্ভণিতে ভাৰতৰ পূব প্ৰান্তত বৰাহী , মৰাণ , কছাৰী , চুতীয়া আৰু অন্যান্য জাতি - উপজাতিৰ মাজত জাতীয়কৰণ আৰু বৈবাহিক সম্পর্কৰ জৰিয়তে বীৰত্ব আৰু বিচক্ষণতাৰে ৩৯ বছৰ চাৰি মাহ ১৪ চুকাফাই ১২৫৮ খ্রীষ্টাব্দত মৃত্যুবৰণ কৰে । তেওঁৰ মহৎ দিন ৰাজত্ব কৰি বিশাল আহােম সাম্রাজ্যৰ পাতনি মেলা আদর্শ গ্রহণ কৰিয়েই আহোমসকলে পাছলৈ ছশ বছৰ শাসন কৰিছিল । বৰ অসম গঢ়াৰ ক্ষেত্ৰত তেওঁৰ অবদানৰ বাবে তেওঁৰ নামৰ আগত চাওলুং ( অর্থাৎ চাও মানে ঈশ্বৰ লুং মানে মহান ) উপাধি পায় । সেয়ে চালুং চুকাফাই হ’ল যথার্থভাৱে অসম আৰু অসমীয়াৰ পিতৃ - পুৰুষ আৰু বৃহত্তৰ অসমীয়া জাতিৰ জাক । চুকাফাই গঢ় দিয়া সেইখন বৰ অসম আজি নাই । অসমীয়াৰ বুকুৰ কুটুম পৰ্বতীয়া জনগোষ্ঠীসমূহৰ নগা , গাৰো , খাচি , জয়ন্তী আদি আৰু ভৈয়ামৰ মিচিং , বড়ো , কছাৰী কাৰি আদি জনগোষ্ঠীসমূহ বিভিন্ন ৰাজনৈতিক অনৈতিকতা , সামাজিক আৰু ধার্মিক বিভেদতাৰ পৰিপ্ৰেক্ষিতত আঁতৰি গ'ল । উল্লেখযোগ্য যে ১৯৭২ চনত অসম দিবস পাল বাবে অগ্রণী ভূমিকা লৈছিল প্রয়াত আলফা - নেতা ভীমকান্ত বুঢ়াগোসাইয়ে । প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ দিনতে ১৯৮৭ চনত অসমত প্ৰথমবাৰৰ বাবে ৰাজকীয়ভাৱে এই দিৱস উদযাপন কৰা হয় । ইয়াৰ পাছৰে পৰা বৰ অসমৰ ভেটি প্রতিষ্ঠা কৰা চালুং ঢাকাফাৰ সোঁৱৰণত দুই ডিচেম্বৰ তাৰিখটো চুকাফা দিবস ' বা অসম দিবস ' হিচাপে পালন কৰি অহা হৈছে । সে অসমীয়া জাতীয় জীৱনৰ ইতিহাস আৰু ঐতিহ্যক ত্বৰাধিত কৰিবলৈ অসম ৰা অসমীয়াৰ পিতৃ - পুৰুষ চুকাফাৰ আদৰ্শৰ অনুশীলনৰ প্ৰয়োজন , নহ'লে " অসম দিৱস পালনৰ প্ৰাসংগিতাৰ কোনো প্রয়োজন নাথাকিব ।



Post a Comment

Previous Post Next Post