Home ads1

তোমালোকৰ বেছিভাগেই ম'বাইল ফোন , ভিডিঅ ’ চোৱা , ভিডিঅ ’ গেম খেলা , বন্ধুবৰ্গৰ সৈতে চাটিং কৰা , ছ'চিয়েল মিডিয়াত মন্তব্য কৰা অথবা ধুনীয়া চেলিব্রিটিসকলৰ ছ'চিয়েল মিডিয়া প্রফাইল চোৱাত ব্যক্ত হৈ আছা । তাৰ মাজতে যদি কেনেবাকৈ সুবিধা পোৱা তেতিয়াহ'লে এই বিষয়খিনি সম্পূর্ণকৈ পঢ়িবা । এিটো বিষয় যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইয়াত তোমালোকৰ জীৱনৰ কথাই কোৱা হৈছে । তোমালোকে ম’বাইল ফোনৰ নামত জীৱন নষ্ট কৰি আছা । 

হয় , তোমালোকেই হৈছা ভাৰতৰ প্রথম যুৱপ্ৰজন্ম যিয়ে স্মার্টফোন সস্তীয়া ডাটাৰ সুবিধা লাভ কৰিছা আৰু দৈনিক ইয়াৰ নামতেই ঘণ্টাৰ পিচত ঘণ্টা ব্যয় কৰি আছা । দিনটোত তোমালোকে কিমান সময় ম'বাইল ফোন ব্যৱহাৰ কৰা এবাৰ মন কৰিবা । যুৱক - যুৱতীসকলৰ ক্ষেত্ৰত এই হাৰ হৈছে ৫-৭ ঘণ্টা । অৱসৰ গ্ৰহণ কৰা অথবা সংস্থাপিত হোৱা মানুহেই নিজৰ স্মার্টফোন বা অন্য উপকৰণৰ সৈতে দীঘলীয়া সময়ৰ বাবে ব্যস্ত হৈ থাকিব পাৰে । কিন্তু জীৱন গঢ়াৰ পথত অগ্ৰসৰ হোৱা যুৱ - প্ৰজন্মৰ প্রতিনিধি এগৰাকীয়ে এনে কৰা অনুচিত । দৈনিক পাঁচ ঘণ্টা হৈছে তুমি সৃষ্টিশীল কামত খোজ কঢ়াৰ এক - তৃতীয়াংশ সময় । অথবা তোমাৰ জীৱনৰ এক - তৃতীয়াংশ সময় । চিগাৰেট অথবা অন্য ড্রাগছৰ দৰে ম'বাইল আসক্তিয়েও তোমালোকৰ জীৱনৰ গুৰুত্বপূর্ণ অংশ ধ্বংস কৰিছে । ইয়াৰ ফলত তোমালোকৰ কেৰিয়াৰ নষ্ট হৈছে আৰু মগজুৰ ওপৰতো প্ৰভাৱ পৰিছে । এই ধাৰা এনেদৰে থাকিলে তোমালোকৰ সমগ্র প্রজন্মটোৱেই ৪ গ’টেন জেনেৰেচন হিচাপে চিহ্নিত হ'ব । যিটো প্রজন্ম হ'ব জীৱনৰ উদ্দেশ্যবিহীন , নিজৰ দেশক লৈ ধাৰণাহীন আৰু সম্পূর্ণরূপে ৪ জিৰ প্রতি আসক্ত । এইকেইটা হৈছে , ম'বাইল ফোন আসক্তি প্রধান তিনিটা নঞর্থক দিশ— প্ৰথমতে এয়া হৈছে , সময়ৰ সম্পূর্ণ অপব্যৱহাৰ । 

এই সময়খিনি জীৱনৰ আন কোনো সৃষ্টিশীল কামৰ নামত ব্যয় কৰিব পৰা গ'লহেঁতেন । কল্পনা কৰাচোন , দৈনিক তুমি ম'বাইল ফোন আসক্তিৰ পৰা তিনি ঘণ্টা সময় বাহি কৰি সেই সময়খিনি শৰীৰ চৰ্চা , কোনা ধৰণৰ কৌশল আহৰণ , অধ্যয়ন , চাকৰিৰ সন্ধান অথবা ব্যৱসায় আৰম্ভ কৰাৰ নামত ব্যয় কৰিছা । কল্পনা কৰি চোৱা , যদি তুমি ধাৰাবাহিকভাৱে এনে কৰা , ইয়াৰ ফলত তুমি কিমান ওপৰলৈ যাবলৈ সক্ষম হ’বা । দ্বিতীয়তে , প্ৰাসংগিক নোহোৱা যিকোনো বস্তু অনবৰতে চাই থাকিলে ইয়ে মগজুৰ ওপৰত প্ৰভাৱ পেলাব পাৰে । আমাৰ মগজুত দুটা অংশ থাকে— জ্ঞানভিত্তিক ( কগনিটিভ ) আৰু আৱেগিক ( ইমচনেল ) । এই দুয়োটা সঠিকভাৱে সক্রিয় হৈ থাকিলেহে মন প্রফুল্ল হৈ থাকে যেতিয়া তুমি গুৰুত্ব নোহোৱা অপ্রাসংগিক যিকোনো ধৰণৰ বিষয়বস্তু উপভোগ কৰা তেতিয়া কগনিটিভ ব্ৰেইনৰ সক্রিয়তা হ্রাস পায় । ইয়াৰ ফলত চিন্তাশক্তি , যুক্তি ওপৰতো প্ৰভাৱ পৰে এনে অৱস্থাত এগৰাকী ব্যক্তিয়ে এটা বিষয়বস্তুক বিভিন্ন দৃষ্টিভংগীৰে চাব নোৱাৰে একেদৰে সঠিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হয় । তেনেস্থলত অকল আবেগেহে প্রাধান্য বিস্তাৰ কৰে । ছ'চিয়েল মিডিয়াত খঙৰ বহিঃপ্রকাশ মেৰুকৰণ , কোনোবা চেলিব্রিটি অথবা ৰাজনৈতিক নেতাৰ প্রতি তীব্র ঘৃণা , চিঞৰি থকা কোনো টিভি এংকৰৰ জনপ্রিয়তা আদিৰ দৰে বিষয়সমূহে এনে এটা প্রজন্মক প্রতিনিধিত্ব কৰে য'ত আৱেগিক মগজুৰ প্ৰাধান্যহে অধিক । এইক্ষেত্ৰত যুক্তিপূর্ণ মনৰ উপস্থিতি যেন শূন্য । অকল আৱেগেৰে কাম কৰি যোৱা মানুহে জীৱনত উন্নতি কৰিব নোৱাৰে । ইয়াৰ একমাত্র সমাধান হ’ল এয়ে যে এনে বিভ্রান্তিৰ পৰা আঁতৰত থাকি মগজুক অধিক সৃষ্টিশীল কামত নিয়োজিত কৰিব লাগে । তৃতীয়তে , নিৰৱচ্ছিন্নভাৱে ম'বাইল স্ক্রীনত চকু দি থাকিলে মনোসংযোগ আৰু শক্তিৰ ওপৰতো প্ৰভাৱ পৰে । নির্দিষ্ট লক্ষ্য নির্ধাৰণ কৰি মনোসংযোগেৰে সেই লক্ষ্যত উপনীত হোৱাৰ বাবে কাম কৰি গ'লেহে জীৱনত সফল হ'ব পাৰি । কিন্তু নিৰৱচ্ছিন্নভাৱে ম'বাইল ফোনৰ স্ক্রীনত চকু দি থকা লোকে এজন স্বাভাৱিকতে এলেহুৱা হৈ পৰে । 

তেওঁ কষ্টৰ কাম কৰিবলৈ টান পায় । তেওঁৰ মনত এনে এক ব্যর্থতাৰ ভয় সোমাই পৰে , যিয়ে তেওঁক আগবাঢ়ি যোৱাত বাধা প্রদান কৰে । এইক্ষেত্ৰত তোমালোকে জীৱনত কিয় সফল হব নোৱাৰিবা তাৰ কাৰণ বিচাৰা আৰম্ভ কৰা । তোমালোকে কোনো এক শক বিচাৰি লোৱা । যেনে— বৰ্তমানৰ কোনো বেয়া ৰাজনৈতিক নেতা , পূর্বৰ কোনো বেয়া ৰাজনৈতিক নেতা , নির্দিষ্ট কোনো ধর্ম , বলিউড আৰু নেপটিজম , ধনী ব্যক্তি , বিখ্যাত ব্যক্তি ইত্যাদি । হয় , এই সমগ্ৰ ব্যৱস্থাটোৱেই নিকা নহয় । কিন্তু ইয়াক লৈ অকল ছ'চিয়েল মিডিয়াত সময় নষ্ট কৰি থাকিলেই তোমালোকৰ লাভ নহয় । অভিযোগ কৰাৰ বিপৰীতে তোমালোকে নিজেই কাম কৰিব লাগিব । নিজেই সৃষ্টি কৰিব লাগিব নিজৰ বাবে এটা ভাল জীৱন সৃষ্টি কৰা , নিজকে এজন ভাল মানুহ হিচাপে গঢ়ি তোলা । তোমালোকে সর্বস্ব উজাৰি দিছানে ? জীৱনত কিবা এটা কৰিব নোৱাৰালৈকে এই ফোনটো আঁতৰাই থৈ দিয়া । বিজেতাই বিভিন্ন অন্যায়ৰ মাজতো নিজৰ পথ বাছি লয় । তোমালোকেও পাৰিবা । নিষিদ্ধ ড্রাগছৰ বিপৰীতে ম'বাইল ফোন আৰু ৪ জি বৈধ । ল'ৰা- ছোৱালীসকলে এনে ফোন পকেটত ৰাখিব পাৰে । এই ফোনটো কিন্তু তথ্য লাভ , অনলাইন ক্লাছ আৰু বজাৰ কৰাৰ বাবে যথেষ্ট উপযোগী । ইয়াক শিক্ষা আৰু বিকাশৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পৰা যায় । পিচে এই ম'বাইল ফোনটোৱে এগৰাকী যুৱক - যুৱতীৰ ব্যক্তিগত জীৱনৰ লগতে এটা সমগ্র প্রজন্মৰ জীৱনো ধংস কৰিব পাৰে । এতিয়া ভাৰতক কোনফালে লৈ যাব সেয়া নিৰ্ভৰ কৰিব যুৱপ্ৰজন্মৰ ওপৰত । আমাক স্বাধীনতা প্রদান কৰা প্রজন্মটোৰ কথা কল্পনা কৰি চোৱা । তেওঁলোকে কেনে আছিল ? তেওঁলোকে ভাৰতক স্বাধীন কৰাৰ বাবে যুদ্ধ কৰিছিল । মণ্ডল কমিছন প্রতিবাদ অথবা ২০১১ চনৰ আন্নাৰ আন্দেলন মোৰে মাছে । যুৱ - প্ৰজন্মই ৰাষ্ট্ৰীয় বিষয়ক গুৰত্বসহকাৰে লয় । 

আজিৰ যুৱ - প্ৰজন্ম আমাক কিবোৰ বিষয়ে প্রভাৱান্বিত কৰিছে তাক লৈ সচেতননে ? নে তেওঁলোকে চাঞ্চল্যধর্মী বাতৰিৰ ওপৰত ভিত্তি কৰি আৱেগিক মন্তব্য প্রকাশ কৰাতেই ব্যস্ত ? আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ'ল আমাৰ অথনীতিক পুনৰ শক্তিশালী কৰিব লাগিব । চীন চাবা । সেই স্থানত উপনীত হ'বলৈ আমি বহুখিনি আগুৱাব লাগিব । আমি তাত গুৰুত্ব দিমনে ? নে আমি দুটা ভিন ভিন ধৰ্মৰ যুৱক - যুৱতীৰ মাজত হোৱা বিবাহৰ প্ৰসংগৰে প্ৰচাৰিত নির্দিষ্ট বিজ্ঞাপনৰ বিতৰ্কতে ব্যস্ত হৈ থাকিম ? তোমালোকে নিজৰ কেৰিয়াৰত গুৰুত্ব দিবানে , কেতিয়াও শেষ নোহোৱা ঐতিহাসিক হিন্দু - মুছলিম প্ৰসংগৰ নামত সময় নষ্ট কৰি থাকিবা ? তোমালোকে নিজৰ বাবে এটা ভাল জীৱন গঢ়িব বিচৰা নে বলিউডৰ ষড়যন্ত্র সমাধান উলিয়াব বিচৰা ? আজিৰ যুৱ প্রজন্মই এনেবোৰ প্ৰশ্নৰ উত্তৰ সন্ধান কৰিব । কোনো নেতা , অভিনেতা- অভিনেত্রী অথবা চেলিব্রিটিয়ে তোমালোকক এনে উত্তৰ নিদিয়ে । নিজৰ লগতে এই দেশখনক কেনেদৰে আগুৱাই নিব বিচৰা তেনেকৈ লৈ যোৱা । ভাৰতক দৰিদ্ৰ ৰাষ্ট্ৰ হিচাপে পৰিচিতি প্রদান কৰি গৌৰৱ লাভৰ কল্পনা নকৰিবা । নিজৰ লগতে দেশখনকো ধনী আৰু সজ হিচাপে গঢ়ি তোলা । সেই ফোনটোৰ পৰা নিজকে আঁতৰাই ৰাখি উৎপাদনশীল আৰু সৃষ্টিশীল কামত জড়িত হৈ নিজৰ লগতে দেশৰ বাবেও কিবা এটা কৰা । এনে এটা প্রজন্ম হোৱা যিয়ে দেশক আগুৱাই নিব পাৰে ।


1 Comments

Post a Comment

Previous Post Next Post