Home ads1

পূর্বে নিয়ম অনুসৰি পদার্থ বিজ্ঞান , ৰসায়ন জীৱ বিজ্ঞানত ৬০ % নম্বৰ নাথাকিলে নীটত উত্তীর্ণ হলেও আসনৰ পৰা হৈছিল বঞ্চিত। কিন্তু এতিয়াৰে পৰা ৬০ % নম্বৰ নাথাকিলেও নীটত বহিব পাৰিব ছাত্র ছাত্রী সকলে।

New rule for neet student for 2021

উচ্চতৰ মাধ্যমিকত পদার্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান আৰু জীৱবিজ্ঞান / জৈৱ প্রযুক্তি বিষয়ত বি বি এছ পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰিব । অসম চৰকাৰৰ গড় হিচাপত ৫০ শতাংশ নম্বৰপ্ৰাপ্তয়ো চিকিৎসা মহাবিদ্যালয়ৰ পুনৰীক্ষণ আবেদন খাৰিজ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে বাহাল ৰাখিলে এই গুৰুত্বপূৰ্ণ ৰায় । পূর্বৰ বিচাৰপীঠৰ ৰায়ক প্রত্যাহ্বান জনাই চৰকাৰে দাখিল কৰা ১৩২/২০১৯ নম্বৰৰ পুনৰীক্ষণ আবেদনখন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ( ভাৰপ্ৰাপ্ত ) এন কোটেশ্বৰ সিং আৰু ন্যায়াধীশ মনীষ চৌধুৰীৰ খণ্ড বিচাৰপীঠে খাৰিজ কৰাৰ লগে লগে । নীটত উত্তীৰ্ণ আৰু পদার্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান , জীৱ বিজ্ঞানত ৫০ শতাংশ নম্বৰপ্ৰাপ্তয়ো অসমৰ চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰিব পৰাটো নিশ্চিত হ'ল । উল্লেখযোগ্য যে সৰ্বভাৰতীয় পর্যায়ত অনুষ্ঠিত নীট পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে মেডিকেল কাউন্সিল অ ইণ্ডিয়াৰ ( এম চি আই ) নির্দেশনা অনুসৰি , এজন প্রার্থীয়ে পদার্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান , জীৱ বিজ্ঞান / জৈৱ প্রযুক্তি বিষয়ত গড় হিচাপত ৫০ শতাংশ নম্বৰ পোৱাটো বাধ্যতামূলক । কিন্তু এম চি আইৰ এই নির্দেশনাৰ বিপৰীতে অসম চৰকাৰৰ আছিল পৃথক নিয়ম । 

অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ এম বি বি এছ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে এজন প্রার্থীয়ে পদার্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান , জীৱ বিজ্ঞান / জৈৱ প্ৰযুক্তিত ৬০ নম্বৰ পোৱাটো বাধ্যতামূলক । মেডিকেল কলেজ এণ্ড ডেণ্টেল কলেজ অ আছাম ( ৰেগুলেচন অ এডমিছন ইনটু ফাষ্ট ইয়েৰ এম বি বি এছ কছ ) ৰুল ২০১৭ ৰ ৪ ( ২ ) ( চি ) ধাৰা অনুসৰি অসম চৰকাৰে পদার্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান , জীৱ বিজ্ঞান / জৈৱ প্রযুক্তি বিষয়ত ৬০ শতাংশ নম্বৰ পোৱাটো বাধ্যতামূলক । কিন্তু অসম চৰকাৰৰ এনে ধাৰাক প্ৰত্যাহ্বান জনাই ডিব্ৰুগড়ৰ ভিকি কুমাৰ পেটেল নামৰ এজন প্রার্থীয়ে উচ্চ ন্যায়ালয়ত ডব্লিউ পি ( চি ) ৪৪৭২/২০১৮ নম্বৰৰ এখন লেখ আবেদন দাখিল কৰে । কিয়নো নীটত ৪২১ নম্বৰ লাভ কৰি উত্তীর্ণ হোৱা ভিকি কুমাৰ পেটেলৰ ৰাজ্যিক কোটাত স্থান আছিল ৩৩২ নম্বৰ । কিন্তু কাউন্সেলিঙত পেটেলৰ আবেদন চিকিৎসা স্বাস্থ্য সঞ্চালকালয়ে খাৰিজ কৰে । কাৰণ ছাত্রজনে উচ্চতৰ মাধ্যমিকত পদার্থ বিজ্ঞানত ৫৫ , ৰসায়নত ৬২ আৰু জীৱ বিজ্ঞানত ৫৪ নম্বৰ লাভ কৰিছিল । তিনিওটা বিষয়ত ভিকি কুমাৰ পেটেলৰ গড় নম্বৰ হৈছিল ৫৭ শতাংশ । 

নীটত সফলতাৰে উত্তীর্ণ হোৱাৰ পিচতো এম বি বি এছত আসন নাপাই ক্ষুব্ধ ছাত্ৰজনে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় । এই গোচৰতে ২০১৯ চনৰ ১৬ আগষ্টত উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ মেডিকেল কলেজ এণ্ড ডেণ্টেল কলেজ অ আছাম ( ৰেগুলেচন অব এডমিছন ইনটু ফাষ্ট ইয়েৰ এম বি বি এছ ক'ছ ) ৰুল ২০১৭ ক অসাংবিধানিক আখ্যাৰে খাৰিজ কৰে । ফলত উচ্চতৰ মাধ্যমিকত তিনিওটা মূল বিষয়ত গড় হিচাপত ৫০ শতাংশ নম্বৰ প্রাপকেও এম বি বি এছ পাঠ্যক্ৰমত নামভৰ্তিৰ সুযোগ পোৱাৰ বাট প্রশস্ত হয় । লক্ষণীয়ভাৱে , উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পুনৰীক্ষণ বিচাৰি ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰে । শুনানিকালত অসম চৰকাৰে চি বি এছ ইৰ বিভিন্ন নীতি - নির্দেশনা উত্থাপন কৰি ন্যায়ালয়ক পতিয়ন নিয়াৰ চেষ্টা চলায় যে চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে নিজাববীয়াকৈ কেতবোৰ নীতি প্রস্তুত কৰিব পাৰে । কিন্তু অসম চৰকাৰৰ এনে যুক্তি গ্রহণ কৰিবলৈ অস্বীকাৰ কৰে । যাৰ বাবেই ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ পুনৰীক্ষণ আবেদন খাৰিজ কৰে । আদালতত অসম চৰকাৰৰ হৈ জ্যেষ্ঠ অধিবক্তা দেৱজিৎ শইকীয়া আৰু ভিকি কুমাৰ পেটেলৰ হৈ অধিবক্তা মানস শৰণীয়াই যুক্তি প্রদর্শন কৰে ।

Post a Comment

Previous Post Next Post