Home ads1

ৰাজ্যৰ বিভিন্ন স্থান যেনে ৰাষ্ট্ৰীয় গ্রাম্য উন্নয়ন আৰু পঞ্চায়তীৰাজ প্রতিষ্ঠান  বিভিন্ন বৰ্গৰ ৫১০ টা পদ | দক্ষিণ শালমাৰা মানকাচৰৰ উপায়ুক্তৰ কার্যালয়ত ৩ কনিষ্ঠ সহায়ক আৰু ভাৰতীয় ষ্টেট বেংকৰ গুৱাহাটীস্থ স্থানীয় মুখ্য কার্যালয়ৰ ফালৰ পৰা চেনেল চেনেল মেনেজাৰ ছুপাৰভাইজৰৰ বিজ্ঞাপন মুকলি কৰা হৈছে তলত চমুকৈ বর্ণনা কৰা হল 



বিজ্ঞাপন ১ : ৰাষ্ট্ৰীয় গ্রাম্য উন্নয়ন আৰু পঞ্চায়তীৰাজ প্রতিষ্ঠান ( এন আই আৰ ডি এণ্ড পি আৰ ) ত বিভিন্ন বৰ্গৰ ৫১০ টা পদত নিযুক্তি দিবলৈ অহর্তাসম্পন্ন প্রার্থীৰ আৱশ্যক । সংশ্লিষ্ট কর্তৃপক্ষই প্রকাশ কৰা বিজ্ঞাপন অনুসৰি পদসমূহ হৈছে ষ্টেট প্রগ্রেম কো - অর্ডিনেটৰৰ ১০ টা ( এছ চি ১ , টি ১ , অ ’ বি চি ৩ , অসংৰক্ষিত ৫ ) , ইয়ং ফেল ’ ২৫০ টা ( এছ চি ৩৮ , এছ টি ১৯ , অ ’ বি চি ৬৮ , অসংৰক্ষিত ১২৫ ) , ক্লাষ্টাৰ লেভেল ৰিছ’র্চ পাছন ২৫০ ( এছ চি ৩৮ , এছ টি ১৯ , অ ’ বি চি ৬৮ , অসংৰক্ষিত ১২৫ ) টা । অসমত ক্লাষ্টাৰৰ সংখ্যা ১৯। জিলা অনুসৰি ক্লাষ্টাৰ হৈছে এনেধৰণৰ । বঙাইগাঁও , কাছাৰ , চিৰাং , দৰং , ডিব্ৰুগড় , যোৰহাট , মৰিগাঁও , নলবাৰী , শোণিতপুৰ , হোজাই , নগাঁও , পশ্চিম কাৰ্বি আংলং , বাক্সা , হাইলাকান্দি , ওদালগুৰি , বৰপেটা , ধুবুৰী , কাৰ্বি আংলং আৰু শিৱসাগৰ । ষ্টেট প্রগ্রেম কো - অর্ডিনেটৰৰ শিক্ষাগত অহর্তা অর্থনীতি , গ্রাম্য উন্নয়ন , গ্রাম্য ব্যৱস্থা , ৰাজনীতি বিজ্ঞান , সমাজতত্ত্ব , নৃতত্ত্ব বিজ্ঞান , সমাজকর্ম , উন্নয়ন অধ্যয়ন , বুৰঞ্জী আৰু অনুৰূপ ক্ষেত্ৰত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হোৱা প্রয়োজন । বয়স ১-১১ ২০২০ তাৰিখৰ ভিত্তিত ৩০ ৰ পৰা ৫০ বছৰ । ইয়ং ফেল ’ পদৰ ক্ষেত্ৰতো শিক্ষাগত অহা ষ্টেট প্রগ্রেম কো - অর্ডিনেটৰৰ দৰে সংশ্লিষ্ট বিষয়ত স্নাতক হোৱা প্রয়োজন । বয়স ২১ ৰ পৰা ৩০ বছৰৰ ভিতৰত । ইফালে , ক্লাষ্টাৰ লেবেল পদৰ প্ৰাৰ্থীৰ বেলিকা শিক্ষাগত অৰ্হতা দ্বাদশ শ্রেণী উত্তীর্ণ হ'ব লাগিব । বয়স ২৫ ৰ পৰা ৪০ বছৰৰ ভিতৰত । এই পদসমূহৰ আবেদনৰ অন্তিম তাৰিখ অহা ২৯ ডিচেম্বৰ । দৰমহা প্রথম দুই শ্রেণীৰ পদৰ ক্ষেত্ৰত মাহে ৫৫,০০০ আৰু তৃতীয় পদৰ দৰমহা ১২,৫১০ টকা । সম্পূর্ণ তথ্য ছাবলৈ ইয়াত ক্লিক কৰক।

বিজ্ঞাপন ২ : দক্ষিণ শালমাৰা মানকাচৰৰ উপায়ুক্তৰ কার্যালয়ত ৩ কনিষ্ঠ সহায়ক দক্ষিণ শালমাৰা - মানকাচৰৰ উপায়ুক্তৰ কাৰ্যালয়ত কনিষ্ঠ সহায়কৰ তিনি পদৰ বাবে প্রার্থী বিচৰা হৈছে । তিনি পদৰ ভিতৰত এছ টি আৰু অ ’ বি চিৰ নামত এটাকৈ পদ সংৰক্ষিত হোৱাৰ বিপৰীতে আনটো পদ সংৰক্ষণমুক্ত । প্রার্থী শিক্ষাগত অৰ্হতা যিকোনো শাখাত উত্তীর্ণ হোৱাৰ লগতে কমেও ছমহীয়া ডিপ্লমা / চার্টিফিকেটধাৰী হ'ব লাগিব কম্পিউটাৰ এপ্লিকেচনত । প্রার্থী এম এছ উইণ্ড , এক্সেল , পাৱাৰ পইন্ট , ডি টি ( ইংৰাজী / অসমীয়া ) আৰু ইণ্টাৰনেট প্রছেচিঙৰ যাৱতীয় জ্ঞান থকাৰ দৰকাৰ । বয়স ১৮ ৰ পৰা ৪০ বছৰৰ ভিতৰত হ'ব লাগিব ১-১-২০২০ তাৰিখৰ ভিত্তিত । সংৰক্ষিত শ্রেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত বয়স ৰেহাইৰ সুবিধা আছে । এই পদৰ বাবে প্রার্থীয়ে যাৱতীয় নথি পত্রসহ অহা ১৮ ডিচেম্বৰৰ ভিতৰত পোৱাকৈ অনলাইন আবেদন কৰিব পাৰে । অনলাইন আবেদন ৱেবছাইট https://niyukti.assam.gov.in/ssm/ । আবেদনকাৰী প্রার্থীয়ে ২০০ নম্বৰৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব । ইয়াৰ ভিতৰত সাধাৰণ ইংৰাজী সাধাৰণ জ্ঞান , কম্পিউটাৰ ( থিয়ৰী ) জ্ঞান আৰু অসমীয়া / ইংৰাজী ভাষাৰ দক্ষতা বিষয়ত ৫০ নম্বৰকৈ প্রশ্নৰ উত্তৰ কৰিব লাগিব লিখিত পৰীক্ষাত উত্তীর্ণ তথা লিষ্ট কৰা প্রার্থীক কম্পিউটাৰৰ দক্ষতা পৰীক্ষালৈ পৰৱৰ্তী সময়ত আমন্ত্রণ জনোৱা হ'ব । আগ্রহী প্রার্থীয়ে সবিশেষ জানিবলৈ ওপৰত উল্লেখ কৰা ৱেবছাইটৰ সহায় ল'ব পাৰে । সম্পূর্ণ তথ্য ছাবলৈ ইয়াত ক্লিক কৰক।

বিজ্ঞাপন ৩ : ভাৰতীয় ষ্টেট বেংকৰ গুৱাহাটীস্থ স্থানীয় মুখ্য কার্যালয়ৰ ফালৰ পৰা অঞ্চলটোৰ বিভিন্ন আৰ বি অ'ত চেনেল মেনেজাৰ ফেচিলিটেটৰ ( চি এম এফ - এ চি ) আৰু চেনেল মেনেজাৰ ছুপাৰভাইজৰ ( চি এম এছ - এ চি ) ৰ ৩৪ টা পদত মল কৰিবলৈ উপযুক্ত প্রার্থী বিচৰা হৈছে । এছ বি আই ই এবছৰ অৱসৰপ্ৰাপ্ত ক্লাৰিকেল কৰ্মচাৰী আৰু বিষয়া তথা পি এছ বিৰ অন্য বিষয়াসকলৰ পৰা আবেদনপত্র আহ্বান কৰা হৈছে যিসকলৰ বয়স নিযুক্তিৰ তাৰিখ ( ১-০২-২০২১ ) ৬৩ বছৰৰ অধিক নিযুক্তি দিয়া হ’ব এবছৰৰ সময়সীমাৰ বাবে আৰু দুবছৰ বা ৬৫ বছৰলৈকে কার্যকাল বৃদ্ধি হ'ব পাৰে । নির্বাচিত প্রার্থীক মাহিলি ৩০,০০০ টকা দিয়া হ’ব চি এম এফ - এ চিক । ৩৫,০০০ টকা দিয়া হ'ব চি এম এছ - এ চিৰ পদলৈ নির্বাচিত প্রার্থীক । ইয়াৰ লগত যাতায়াত বাবদ মাহে ৫,০০০ টকা আৰু ম’বাইলৰ বাবে মাহে ১,০০০ টকা লাভ কৰিব । নির্বাচিত প্রার্থীয়ে কর্মদক্ষতাৰ ভিত্তিত উদগনিমূলক ভাত্তাও পাব পাৰে । আগ্রহী প্রার্থীয়ে অহা ৮ জানুৱাৰীৰ ভিতৰত আবেদন কৰিব পাৰে । আবেদনৰ লগতে আনুষংগিক তথ্য - পাতিৰ বিষয়ে অধিক জানিবলৈ প্রার্থীয়ে এছ বি আইৰ ৱেবছাইট WWW.sbi.co.in - Announcement ৰ সহায় ল'ব পাৰে । অৱসৰপ্ৰাপ্ত ষ্টাফ আৱশ্যক হোৱা কেন্দ্ৰ আৰু পদ সংখ্যা এনেধৰণৰ ইটানগৰ ৫ , তেজপুৰ- ১ , ডিব্ৰুগড়- ১ , তিনিচুকীয়া- ৪ , গুৱাহাটী ট্রে ’ ১ , বঙাইগাঁও- ৩ , ডিমাপুৰ- ৫ , শ্বিলং আৰবান- ৪ , মােকক চাং- ২ , তুৰা- ১ , শ্বিলং ৰুৰেল- ১ , ইল- ২ , যােৰহাট -১ আৰু আইজল- ৩ । সম্পূর্ণ তথ্য ছাবলৈ ইয়াত ক্লিক কৰক।

Post a Comment

Previous Post Next Post