Home ads1

বায়ুমণ্ডলত প্রাকৃতিকভাৱে পোৱা ‘ অ’জন ’ হৈছে তিনিটা এটমযুক্ত অক্সিজেন । ফল - মূল আৰ শাক - পাচলি ইত্যাদি অ’জনযুক্ত পানীৰে ধুলে পানীত থকা অ’জনে শাক - পাচলি আৰু ফল - মূলৰ গাত থকা কীটনাশক পদার্থ , ৰাসায়নিক পদার্থ ধ্বংস অ’জনৰ বীজাণুনাশক গুণৰ দ্বাৰা ই শাক - পাচলি আৰু ফল - মূলক সম্পূৰ্ণৰূপে বীজাণুমুক্ত কৰে । 


বিভিন্ন পৰীক্ষা - নিৰীক্ষাৰ দ্বাৰা ইতিমধ্যে প্রমাণ হৈছে যে অ’জনে অতি ক্ষিপ্রভাৱে কীটনাশক আৰু ৰাসায়নিক দ্রব্য , বেক্টেৰিয়া যিকোনো প্রকাৰৰ বীজাণু তথা কেন্সাৰযুক্ত কোষবিলাক ধ্বংস কৰিব পাৰে । আনহাতে স্বাস্থ্যজনিত সমীক্ষাত দেখা গৈছে যে অ’জনে মাংসপেশীৰ গঠনত সহায় কৰে আৰু অ’জন বিধৌত শাক - পাচলি , ফল - মূল ইত্যাদিয়ে খাদ্যত এচিড সংক্রমণৰ পৰিমাণ হ্রাস কৰে আৰু খাদ্যত এন্টিঅক্সিডেন্টৰূপে ক্রিয়া কৰে । উক্ত পৰিশোধন প্রক্রিয়াটো তিনিটা পর্যায়ত অ’জন আৰু পৰিশোধিত পানীৰ দ্বাৰা কৰা হয় আৰু সম্পূর্ণ বীজাণুমুক্ত আৰু ৰাসায়নিক দ্রব্যমুক্ত স্বাস্থ্যসন্মতভাৱে গ্রহণযোগ্য শাক পাচলি আৰু ফল - মূল ইত্যাদি সম্পূর্ণ যান্ত্রিকভাৱে বিভিন্ন পৰিমাণৰ ওজনত পেকেট কৰা হয় , যাতে ই সম্পূর্ণভাৱে নিৰাপদ ৰূপত গ্রাহকে ক্রয় কৰিব পাৰে ।

সমগ্র বিশ্বতে তথা ভাৰতবৰ্ষতো বিভিন্ন মহানগৰীত ইতিমধ্যে এই অ’জন পৰিশোধন প্রক্রিয়া আৰম্ভ হৈছে । আৰু এই প্রক্রিয়াৰে কৰা পৰিশোধিত শাক - পাচলি , ফল মূল ইত্যাদিয়ে বজাৰত প্ৰচুৰ চাহিদা লাভ কৰিছে । বিশেষকৈ ক’ভিড -১৯ সংক্ৰমণৰ পিচত মানুহৰ মাজত বৃদ্ধি হোৱা স্বাস্থ্য সচেতনতাৰ পৰৱৰ্তী কালত ইয়াৰ জনপ্রিয়তা বাঢ়িছে । ইতিমধ্যে অসম তথা উত্তৰ - পূর্বাঞ্চলত প্ৰথমটো এনে । পৰিশোধন যন্ত্র আৰু পৰিশোধন প্রণালী কার্যক্ষম হৈছে । গুৱাহাটীৰ পাঞ্জাবাৰীত থকা ‘ বিপণন ক্ষেত্ৰৰ শাক - পাচলি , ফল - মূলৰ বজাৰখনত । 

এই প্রকল্পৰ নাম দিয়া হৈছে— “ Virtue fresh , an endavour of a first generation Enterpreneur ’ সচেতন গ্রাহকৰ মাজত জনপ্রিয় হৈ উঠিছে এই প্রকল্পটি ।

ৰোগ প্ৰতিৰোধৰ বাবে কমলা টেঙা । কমলা টেঙাত প্ৰচুৰ পৰিমাণে ভিটামিন ‘ চি ’ পোৱা যায় । এইবিধ ভিটামিনে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । সেইবাবে কমলা টেঙা নিয়মীয়াকৈ খাব লাগে । এইবিধ টেঙা খালে ( নিয়মীয়াকৈ )  ৰোগ প্ৰতিৰোধৰ বাবে কমলা টেঙা কমলা টেঙাত প্ৰচুৰ পৰিমাণে ভিটামিন ‘ চি ’ পোৱা যায় । এইবিধ ভিটামিনে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । সেইবাবে কমলা টেঙা নিয়মীয়াকৈ খাব লাগে । এইবিধ টেঙা খালে ( নিয়মীয়াকৈ ) বার্ধক্যৰ আগমনতো বিলম্ব হয় । ভিটামিন ‘ চি’ৰ বাবে শৰীৰৰ এনজাইম বা উৎসচেকসমূহ সক্রিয় হৈ থাকে । শৰীৰত সৃষ্টি হোৱা ক্ষত আদি সোনকালে শুকুওৱাত সহায় কৰে কমলাই । ভিটামিন ‘ চি’ৰ অভাৱত ৰক্তবাহী নলীৰ পৰা ৰক্তক্ষৰণ হোৱাৰ আশংকা নুই কৰিব নোৱাৰি ।

পকা কমলা টেঙাত প্ৰচুৰ পৰিমাণে ফ্লেভোনয়েড পোৱা যায় । কমলা টেঙাত থকা বিভিন্ন উপাদানে সাধাৰণ পানীলগা আদি প্ৰতিৰোধে প্রতি এশগ্রাম কমলা ৰসত থকা বিভিন্ন ধৰণৰ উপাদানৰ পৰিমাণ হ’ল— প্র’টিন ০.৭ গ্রাম , কেলছিয়াম ২৬ মিলিগ্রাম ভিটামিন ‘ এ ’ ১১০৪ মাইক্র’গ্রাম , ভিটামিন ‘ চি ’ ৩০ মিলিগ্রাম আৰু কেলৰি বা শক্তি ৪৮। 

শৰীৰৰ অপকাৰী ফ্রিৰেডিকেলসমূহৰ ধ্বংস প্রতিৰোধ কৰিব পাৰে কমলাত থকা বিভিন্ন উপাদানেই । নিয়মীয়াকৈ ১০ আউন্স কমলা টেঙাৰ ৰস খালে ভিটামিন চি’ৰ অভাৱ নহয় । হৃদৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে কমলা টেঙাত । পেশীসমূহৰ সক্রিয়তা বৃদ্ধি কৰে । পালেং , ধনিয়া পাত , বিট , গাজৰ , কেঁচা জলকীয়া আদিৰে চালাড প্রস্তুত কৰাৰ সময়ত ভালদৰে ধুই ল’ব । গৰল ৰোগত আক্রান্তসকলে বন্ধাকবি খোৱাৰ পূর্বে চিকিৎসকৰ পৰামর্শ গ্রহণ কৰা উচিত । পচা কমলা টেঙা , জলফাই আদি নাখাব । বিলাহী , জলফাই আদি আঞ্জা ৰান্ধি খোৱাৰ পৰিবৰ্তে চালাডত ব্যৱহাৰ কৰিলে সুফল পোৱা যায় । কেতিয়াবা কিছুমান শাক - পাচলি খালে এলার্জি আদিৰ সৃষ্টি হলে তেনে খাদ্য গ্রহণৰ পৰা আঁতৰি থকাটোৱে ভাল । ফুলকবি , বন্ধাকবি , মূলা আদি গৰল ৰোগৰ উৎস হ'ব পাৰে । মাছ , মাংস আদি খালেও নিয়মীয়াকৈ শাক খাব লাগে । তেতিয়া কোষ্ঠকাঠিন্যই সহজে গা কৰি উঠিব নোৱাৰে । সেউজীয়া শাক - পাচলিত যিবোৰ খনিজ দ্রব্য পোৱা যায় , সেইবোৰ স্বাস্থ্য সুস্থ কৰি ৰাখিবলৈ অতি প্রয়োজন ।

Post a Comment

Previous Post Next Post