Home ads1

শীতৰ শাক - পাচলি বুলিলে সাধাৰণতে এই তালিকাত ওলকবি , বন্ধাকবি , ফুলকবি , মূলা , পালেং শাক , পিঁয়াজকলি আদিকে অন্তর্ভুক্ত কৰা হয় । তদুপৰি এই সময়তে কমলা টেঙা , জলফাই আদিও উভৈনদী হৈ পৰে । এইবোৰ শাক - পাচলি , টেঙা আদিৰ সোৱাদেই বেলেগ । 


এনেধৰণৰ শাক - পাচলি আদি যদিও খাদ্য তালিকাত অন্তর্ভুক্ত কৰা হয় , পিচে বহুতেই ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে জ্ঞাত নহয় আনকি ৰোগৰ পৰা উপশম লাভ কৰাতে বিশেষ ভূমিকা গ্রহণ কৰে । এইবোৰে সাধাৰণতে কেনেধৰণৰ ৰোগ প্ৰতিৰোধ কৰে , সেই বিষয়ে আমি আলোচনা কৰিম 

কোষ্ঠকাঠিন্য আঁতৰ কৰিবলৈ খাওক মূলানিয়মীয়াকৈ মূলা খালে কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা উপশম লাভ কৰিব পাৰি । ফলত স্বাভাৱিক পৰিমাণৰ শৌচ হলে পেটৰ বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পাৰি । । প্রস্রাৱ পৰিষ্কাৰ হয় যদিহে । খাদ্য তালিকাত মূলা ৰাখে । এইবিধ পাচলিত শৰীৰৰ বাবে প্রয়োজনীয় পটাছিয়াম , প্র’টিন , চর্বি , কার্বোহাইড্রেট , ফছফৰাছ আদি পোৱা যায় । তদুপৰি কেলছিয়াম , ভিটামিন ‘ চি ’ থাকে । লিভাৰ বা যকৃত কার্য সম্পাদনত সহায় কৰে । ইয়াত এন্টিঅক্সিডেন্ট থাকে বাবে হৃদযন্ত্রৰ বাবে উপকাৰী । লোহিত ৰক্তকণিকাৰ ধ্বংস প্রতিৰোধ কৰে । মূলাত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে । ৰক্তচাপ নিয়ন্ত্রণ কৰিব পৰা উপাদান থাকে মূলাত । ছালৰ বাবেও উপকাৰী এইবিধ পাচলি ।

বিট খালে তেজ পৰিষ্কাৰ হয়, বিটত থকা ছ’ডিয়াম , পটাছিয়াম আদি থাকে বাবে তেজ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। শিশুৱে সৰুৰে পৰা বিট খালে বৃদ্ধি স্বাভাৱিক হয়। শাৰীৰিক বৃদ্ধিৰ বাবে ইয়াৰ প্রয়োজন ।

ৰোগ প্ৰতিৰোধৰ বাবে খাওক বন্ধাকবি বন্ধাকবিত প্রচুৰ পৰিমাণে ভিটামিন ‘ চি ’ থাকে । . পেপটিক আলছাৰৰ পৰা হাত সাৰিব । ভিটামিন ‘ ই ’ থাকে বাবে ছালৰ ঘা আদি শুকুওৱাত সহায় কৰে । বন্ধাকবিয়ে । কোষ্ঠকাঠিন্য আঁতৰ কৰে । নিয়মীয়াকৈ বন্ধাকবি খালে পায়োৰিয়া বদহজমৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি । বন্ধাকবিয়ে হৃদৰোগ প্ৰতিৰোধত সহায় কৰে । এইবিধ পাচলিৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে । টাইপ -২ ডায়েবেটিছ প্ৰতিৰোধতা সহায়ক বুলি শেহতীয়াভাৱে গৱেষকসকলে মন্তব্য কৰিছে । চালাড কৰি খালে ৰন্ধাতকৈ তুলনামূলকভাৱে বেছি উপকাৰ পোৱা যায় । যদিহে এনেধৰণৰ পাচলি খালে কোনো সমস্যাৰ সৃষ্টি হয় , তেতিয়াহ'লে চিকিৎসকৰ পৰামর্শ গ্রহণ কৰক ।

পুষ্টি গুণেৰে সমৃদ্ধ পালেং শাক । কর্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা উপাদান পোৱা যায় পালেং শাকত এইবিধ শাক হ’ল এন্টিঅক্সিডেণ্টৰ ভঁৰাল । । পালেঙত কেৰ’টিন থাকে । এইবিধ শাকে দৃষ্টিশক্তি স্বাভাৱিক কৰি ৰখাত সহায় কৰে। ইয়াত ভিটামিন ‘ চি ’ , পটাছিয়াম , কেলছিয়াম আদি প্ৰচুৰ পৰিমাণে পোৱা যায় । পালেং শাক আদি নিয়মীয়াকৈ খালে শৰীৰে দৈনিক প্রয়োজনীয় বিভিন্ন খনিজ দ্রব্য লাভ কৰে।

নিশ্চিন্ত মনে খাওক ফুলকবি । শীতৰ পাচলিৰ ভিতৰত অন্যতম ফুলকবিৰ আছে ৰোগ প্ৰতিৰোধী ক্ষমতা । ইয়াত আছে শৰীৰৰ বাবে অতি প্রয়োজনীয় উপাদান। ফুলকবিত থকা বিভিন্ন উপাদানে কৰ্কট ৰোগ প্ৰতিৰোধ কৰে । ইয়াত থকা ছালফ’ৰাকেনে কৰ্কটৰ ষ্টেনচেল ধ্বংস কৰে। এইবিধ উপাদানে কৰ্কট ৰোগ সৃষ্টিকাৰী কোষ ধ্বংস কৰে বুলি গৱেষকসকলে তথ্য লাভ কৰিছে। স্মৃতিশক্তি অটুট ৰখাত ফুলকবিয়ে সহায় কৰে। ইয়াত থকা ইণ্ডোলত কাবিন’লে প্রদাহ প্ৰতিৰোধ কৰিব পাৰে। হজম শক্তি স্বাভাৱিক কৰি ৰখাতে সহায়ক । ৰোগ প্ৰতিৰোধৰ বাবে কমলা টেঙা । কমলা টেঙাত প্ৰচুৰ পৰিমাণে ভিটামিন ‘ চি ’ পোৱা যায় । এইবিধ ভিটামিনে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । সেইবাবে কমলা টেঙা নিয়মীয়াকৈ খাব লাগে ।



Post a Comment

أحدث أقدم