Home ads1

 আগন্তুক বৰদিন উপলক্ষে ফটোৱা জাৰি কৰিছে বজৰং দলে । ২৫ ডিচম্বেৰত বৰদিনৰ দিনা গির্জালৈ নোযোৱাৰ বাবে ফটোৱা জাৰি কৰিছে শিলচৰৰ বজৰং দলে । সিদিনা কোনো হিন্দুৱে যদি গির্জালৈ গৈ বৰদিন পালন কৰে তেতিয়া হলে কাকো ৰেহাই দিয়া নহ'ব বুলি সকীয়াই দিছে ।


Assamese news | Bajrang Dal says in Silchar  Hindus who go to church on Christmas day will not be spared

 সংগঠনটোৰ শিলচৰ শাখাৰ সভাপতি মিঠুন নাথে । কালি শিলচৰত অনুষ্ঠিত বজৰং দলৰ কার্যকর্তা সন্মিলনীত বজৰং দলৰ সৰ্বভাৰতীয় আহ্বায়ক ছোহান সিং ছোলাংকীৰ উপস্থিতিত এইফটোৱা জাৰি কৰি তেওঁ কয় , বজৰং দল কোনো গুণ্ডা বাহিনী বা উগ্রবাদী সংগঠন নহয় । আইন অনুসৰি ৰাষ্ট্রৰ মংগলৰ স্বাৰ্থত কাম - কাজ কৰে বজৰং দলৰ সদস্যই । মিঠুন নাথে পুনৰ কয় যে সনাতন ধর্মীয় সভ্যতা - সংস্কৃতিৰক্ষাৰ বাবে বজৰং দলে দেশৰ সেৱা কৰি আহিছে । লাভ জেহাদ তথা হিন্দু যুৱতী - মহিলাৰ সৈতে যদি কোনো ভিন্ন ধর্মীয় যুৱকে অশ্লীল আচৰণ কৰে তেতিয়া হ'লে বজৰং দলৰ সদস্য বহি নাথাকে । কোনাবা ভিন্ন ধর্মীয় যুৱকক ৰাস্তাত ধৰি মাৰধৰ কৰাৰ বাবে বজৰং দলৰ সদস্যক দোষাৰোপ কৰিলে নহ'ব । যুৱকজনক কিহৰ বাবে মাৰপিট কৰা হৈছে । সেয়া আগতে বুজি লোৱা উচিত । বজৰং দলৰ কার্যকর্তা সন্মিলনৰ মুখ্য বক্তা সৰ্বভাৰতীয় আহ্বায়ক ছোহান সিং ছোলাংকীয়ে কয় যে ৪৯২ বছৰ পাছত হিন্দুৱে আযোধ্যাত শ্ৰীৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ দায়িত্ব পাইছে । আযোধ্যাৰ ৰাম মন্দিৰ এটা সাধাৰণ মন্দিৰনহয় । এইমন্দিৰ ভাৰতৰ স্বাভিমান । এইমন্দিৰ নিৰ্মাণ কৰিবলৈ প্রতিজন হিন্দু আগুৱাই আহিব লাগিব । তেওঁ কয় যে ভাৰত হিন্দু তথা সনাতন ধর্মীয় দেশ । ইয়াত যিয়েই নাথাকক কিয় , সনাতন সভ্যতা - সংস্কৃতিৰ আধাৰত বসবাস কৰিব লাগিব । দেশ বিৰোধীৰ ইয়াত থকাৰ কোনো প্রয়োজন নাই ।

Post a Comment

Previous Post Next Post