Home ads1

 ২০২০ বৰ্ষৰ বিয়লিবেলাত থিয় দি যদি আমি বিশ্লেষণ কৰি চাওঁ , তেন্তে বছৰটোক এক ব্যতিক্রমী বছৰ যেনেই লাগে । অসমৰ প্রেক্ষাপটত ২০২০ বৰ্ষটোৰ আৰম্ভণিতেই ‘ কা ’ বিৰোধী আন্দোলন ভৰপক হৈ আছিল । ডিচেম্বৰ মাহটোৰ ভিতৰতেই পাঁচজনকৈ তেজাল ডেকাল’ৰাই ছহিদ বৰণ কৰিবলগীয়া হৈছিল ।


 অসমৰ বিভিন্ন ঠাইত দীঘলীয়াকৈ সান্ধ্যআইন ঘোষণা কৰা হৈছিল । গুৱাহাটী মহানগৰীৰো জনজীৱন প্রায় অস্বাভাৱিক হৈ পৰিছিল । বহু দিনলৈ অর্থনৈতিক জীৱনো একপ্রকাৰ স্তব্ধ হৈ পৰিছিল । এই অস্থিৰ - অশান্ত পৰিস্থিতিৰ মাজতেই আৰম্ভ হৈছিল নতুন বছৰটো অর্থাৎ ২০২০ বৰ্ষটো । বছৰটোৰ প্ৰায় আৰম্ভণিতেই ক’ভিড -১৯ ভাইৰাছৰ সংক্রমণে মহামাৰীৰ ৰূপ লৈছিল । ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যক বেয়াকৈ গ্রাস কৰিছিল ক’ভিড ১৯ মহামাৰীৰ সংক্রমণে । 

বহু লোক সংক্রমিত হৈছিল । বহু লোকৰ মৃত্যু হৈছিল আৰু বহুসংখ্যক লোক সুস্থ হৈ নিজ গৃহলৈ উভতি আহিছিল । পৰৱর্তী সময়ত অর্থাৎ মে - জুন মাহৰ পৰা আমাৰ ৰাজ্যখনতো কভিড -১৯ মহামাৰীৰ সংক্ৰমণৰ হাৰ অতি ভয়াৱহ হৈছিল । এটা দিনতে কেইবাশ লোকে সংক্রমিত হৈছিল এই মহামাৰীৰ দ্বাৰা । এতিয়া আমাৰ ৰাজ্যখনতেই হেজাৰৰো অধিক লোকৰ মৃত্যু ঘটিল এই মহামাৰীত সংক্রমিত হৈ । এই মহামাৰীৰ সংক্ৰমণৰ পৰা সুৰক্ষা দিবলৈ কেইবাবাৰো তলাবন্ধ কাৰ্যসূচী গ্রহণ কৰিলে । কেইবাটাও পর্যায়ত এই তলাবন্ধ কার্যসূচী ৰূপায়ণ কৰা হ’ল । সান্ধ্যআইন জাৰি কৰিবলগীয়া হ'ল । চৰকাৰে জনসাধাৰণক সুৰক্ষা দিবৰ নিমিত্তে বিভিন্ন কটকটীয়া নিষেধাজ্ঞা অৱলম্বন কৰাৰ লগতে মহামাৰীত আক্রান্ত ৰোগীসকলৰ চিকিৎসা ব্যৱস্থাত যথেষ্ট তৎপৰ হ’বলগীয়া হ’ল । যদিও মহামাৰীয়ে আমাৰ ৰাজ্যখনতো এক ধুমুহাৰ সৃষ্টি কৰি গ'ল তথাপি এইটো আমাৰ ৰাজ্যবাসীৰ বাবে দুখৰ দিনতো অত্যন্ত ইতিবাচক দিশ আছিল যে ৰাজ্যৰ স্বাস্থ্য বিভাগে দিনটোৰ ২৪ ঘণ্টাই অত্যন্ত সক্রিয় হৈ আছিল ।

চিকিৎসক , চিকিৎসাৰ লগত জড়িত সকলো কর্মীয়ে নিজৰ জীৱনক তুচ্ছ । জ্ঞান কৰি দিন - ৰাতি একাকাৰ কৰি মহামাৰীত আক্রান্ত লোকসকলক সুস্থ কৰি তুলিবলৈ যত্ন কৰিছিল । কভিড -১৯ মহামাৰীৰ সংক্ৰমণৰ মাজতে উজনি অসমৰ বাঘজানৰ বিভিন্ন এলেকাত তেলখাদত হোৱা ভয়াৱহ বিস্ফোৰণ আৰু ইয়াৰ পৰা উদ্ভৱ হোৱা জুইৰ বিভীষিকাই সেই অঞ্চলৰ বহু হেজাৰ লোকক বেয়া ধৰণে ক্ষতিগ্রস্ত কৰিলে । তেওঁলোকে গৃহহাৰা হ'ল , খেতি - পথাৰবোৰ জুইত জাহ গ'ল । পশুধনকে ধৰি বিভিন্ন ঘৰুৱা সম্পত্তি চকুৰ সন্মুখতে জ্বলি - পুৰি শেষ হৈ গ'ল । কেইবামাহ ধৰি ৰাইজে অস্থায়ী শিবিৰত কটাবলগীয়া হ'ল আৰু ভয় - শংকাত প্রায় প্রতিটো নিশা উজাগৰে কটাবলগীয়া হ'ল । আমি সকলােৱে বিচাৰিছো আহিবলগীয়া বছৰটোত বাঘজানবাসী ৰাইজৰ সকলো সমস্যা সমাধান হওক । বাঘজানবাসী ৰাইজৰ হৃদয়ৰ কান্দোনবোৰ হাঁহিলৈ পৰিবৰ্তিত হওক । 

ৰাজ্য চৰকাৰৰ লগত সহযোগিতাৰ মাধ্যমেৰে অইল ইণ্ডিয়াই এই সমস্যাটোৰ স্থায়ী সমাধানত গুৰুত্ব দিয়ক । ইয়াৰ লগে লগে বছৰটোৰ ভিতৰত হোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সর্বসাধাৰণ ৰাইজক বাৰুকৈয়ে ক্ষতিগ্রস্ত কৰিছে । বছৰটোৰ আৰম্ভণিৰ পৰা শেষলৈকে অত্যাৱশ্যকীয় খাদ্য - সামগ্ৰীৰ মূল্য একেই থাকিল । সর্বসাধাৰণ ৰাইজৰ বাবে দুবেলা - দুমুঠি খাই থকাটোৱেই অসম্ভৱ হৈ পৰিছে । গতিকে আমি সকলেৱে আশা কৰিম নতুন বছৰটোৰ আৰম্ভণিতে খাদ্য - সামগ্ৰীৰ মূল্য নিয়ন্ত্রিত হওক । বছৰটোৰ শেষৰ ফালে দীর্ঘকালৰ পোন্ধৰ বছৰকাল অসমৰ ৰাইজক প্রতিনিধিত্ব কৰা প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ মৃত্যুৱে অসমৰ সকলো স্তৰৰ জনসাধাৰণক আঘাত হানিলে । এক অতি জটিল সন্ধিক্ষণত মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্রহণ কৰি সেই সময়ত অসমৰ ৰাইজৰ কেইবাটাও জ্বলন্ত সমস্যা সমাধান কৰিবলৈ সমৰ্থ হোৱা প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে সকলো স্তৰৰ জনসাধাৰণৰ মাজত অতিকৈ জনপ্রিয় মুখ্যমন্ত্রী আছিল । যি সময়ত অসমত চৰকাৰী বিষয়া - কৰ্মচাৰীয়ে মাহৰ পিচত মাহ দৰমহা পোৱা নাছিল , উগ্রপন্থীৰ সমস্যাই ৰাজ্যখনক বেয়াকৈ ক্ষতিগ্রস্ত কৰিছিল , উন্নয়নমূলক কামসমূহ স্থবিৰ হৈ পৰিছিল , সেই সময়তে শ্রদ্ধেয় গগৈদেৱে মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ আমাৰ ৰাজ্যখনক পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । 

সর্বকালৰ জনপ্রিয় মুখ্যমন্ত্রীজনৰ মৃত্যুত ৰাইজ শোকগ্রস্ত হৈছে যদিও ইয়াৰ মাজতে তেওঁৰ আদর্শ অনুসৰণ কৰি অসমৰ ৰাইজে ভৱিষ্যতৰ দিনসমূহত আগবাঢ়ি যাব লাগিব । এইদৰেই বছৰ আহে , বছৰ যায় । ঠিক এনেদৰেই বহু ঘাত - প্রতিঘাতৰ মাজেদি ২০২০ বৰ্ষটো মেলানি মাগিলে । গত বছৰসমূহৰ তুলনাত অৱশ্যে এই বৰ্ষটোত নেতিবাচক ঘটনাপ্রবাহৰ সংখ্যা অধিক হ’ল । কিন্তু এইসমূহৰ পৰাও আমি মানৱ সমাজৰ কামত আহিব পৰাকৈ বহু শিক্ষণীয় দিশ পালো । অভিজ্ঞতা আহৰণ কৰিলো । আমি এইসমূহ কামত খটুৱাই ভৱিষ্যতৰ দিনসমূহত আগবাঢ়িব লাগিব । দুখবোৰ সুখলৈ , হতাশাবোৰ আশালৈ পৰিবৰ্তন কৰিবলৈ আগবাঢ়িব লাগিব । এই বৰ্ষটোত লাভ কৰা শিক্ষা আৰু অভিজ্ঞতাৰে আমি ভাল দিন ওভতাই আনিবলৈ সকলোৱে দৃঢ় হ’ব লাগিব । সেয়েহে ২০২০ বৰ্ষৰ বিদায়বেলাত থিয় হৈৰাজ্যবাসীয়ে আন্ধাৰ আঁই পোহৰ চোৱাৰ হেঁপাহ কৰিছে , আশা কৰিছে পৰিবর্তন । সকলোৰে নতুন প্রত্যাশা এই বৰ্ষৰ আৰম্ভণিৰ পৰা ৰাজ্যখন সকলো ফালৰ পৰা সুস্থিৰ আৰু স্বাভাৱিক হৈ উঠক ।

Post a Comment

أحدث أقدم